ৰাষ্ট্ৰীয়অসমীয়া

চাৰিচকীয়া বাহন জ্বলাই দি মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ!

নিউজ ডেস্ক। সমগ্ৰ দেশ দহিছে মূল্যবৃদ্ধিয়ে।

পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পৰা খাদ্য সামগ্ৰীলৈ প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক।

এসময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা নেতাৰ আজিৰ শাসনত সামগ্ৰীৰ আকাংশলংঘী মূল্যই এতিয়া সাধাৰণ জনতাৰ জীৱনলৈ নামই আনিছে তীব্ৰ প্ৰত্যাহ্বান।

বজাৰত বস্তুৰ জুই চাই দামৰ বিৰুদ্ধে দেওবাৰে পশ্চিমবংগৰ ২৪ পৰগণাৰ বজবজত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে।

G7

ৰাজপথত এখন মাৰুতি ভানত অগ্নিসংযোগ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে।

অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি টিএমচিয়ে সাব্যস্ত কৰা এই প্ৰতিবাদৰ সময়ত ক’লা ধোঁৱাই ছানি ধৰে আকাশ।

তৃণমূল কংগ্ৰেছে কয় যে ইন্ধন আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বাবে ঘৰৰ ৰান্ধনীশালত যি জুই লাগিছে, তাৰ সাংকেতিক প্ৰতিবাদ হিচাপে ৰাজপথত বিলাসী চাৰিচকীয়া বাহন জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

লগতে চাওকঃ

চৰণেহে জানে… মাংগলিক অনুষ্ঠানত অংশ লৈ নামঘৰতে শেষ নিশ্বাস ত্যাগ নগেন হাজৰিকাৰ

G5

Leave a Reply

Your email address will not be published. Required fields are marked *