অসমীয়াৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! সহকৰ্মী মহিলা কনিষ্টবলক গুলীয়াই হত্যা কৰি আত্মঘাতী হ’ল আৰক্ষী জোৱান…

নিউজ ডেস্কঃ সহকৰ্মী মহিলা আৰক্ষী কনিষ্টবলক গুলীয়াই হত্যা কৰাৰ পিছত নিজেও আত্মঘাতী হ’ল এগৰাকী আৰক্ষী।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ ফিৰোজপুৰত।

জানিব পৰা মতে, ফিৰোজপুৰ কেণ্টনমেণ্ট থানাত কম্পিউটাৰ অপাৰেটৰ হিচাপে নিযুক্ত হৈ থকা মহিলা কনিষ্টবল অমনদ্বীপ কৌনক নিজৰ চাৰ্ভিছ পিষ্টেলেৰে গুলীয়াই হত্যা কৰে পঞ্জাৱ আৰক্ষীৰ স্বাট টীমৰ সদস্য গুৰসেৱাক সিঙে।

shot dead

ইফালে এই হত্যাকাণ্ড সংঘটিত কৰিয়েই আৰক্ষী জোৱানজনে পলায়ন কৰে যদিও পৰৱৰ্তী সময়ত মোগা জিলাত জোৱানজনৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয়।

আৰক্ষীয়ে জোৱানজনে চাৰ্ভিছ পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যা কৰাৰ সন্দেহ কৰিছে।

এটি ৫ বছৰীয়া কন্যা সন্তানৰ পিতৃ গুৰসেৱাক সিঙে কি কাৰণে সহকৰ্মী মহিলা কনিষ্টবলগৰাকীক হত্যা কৰিলে তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

লগতে চাওকঃ

মৰমতে মাজনী বুলি মাতিছিল তাইক! মৰমলগা ছোৱালীজনী যে হেৰাই গ’ল, সেয়া কোনেও বিশ্বাসেই কৰিব পৰা নাই…

dolly no more

ভাল খবৰ! পিতৃক হেৰুওৱাৰ সুদীৰ্ঘ ২৫ বছৰ পিছত অৱশেষত আৰক্ষী কনিষ্টবলৰ চাকৰি লাভ কৰিলে শ্বহীদ নৃপেন্দ্ৰ বৰ্মনৰ কন্যা ৰাজশ্ৰীয়ে…

photo1675064841