fbpx
অসমীয়াঅসম

মৰমতে মাজনী বুলি মাতিছিল তাইক! মৰমলগা ছোৱালীজনী যে হেৰাই গ’ল, সেয়া কোনেও বিশ্বাসেই কৰিব পৰা নাই…

নিউজ ডেস্কঃ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল ছোৱালীজনী। মৰমতে সকলোৱে মাতিছিল মাজনী বুলি।

মাতে-কথাই, আচাৰ-আচৰণে সকলোকে মুহিব পৰা ছোৱালীজনী আছিল পৰিয়ালটোৰ আলাসৰ লাড়ু।

কিবা এটা কৰি দেখুওৱাৰ দুৰন্ত হেঁপাহ বুকুত সামৰি এদিন গুৱাহাটীমুখী হৈছিল তেওঁ। বাধা দিয়া নাছিল পিতৃ-মাতৃয়েও। তেওঁলোকেও জানিছিল মৰমতে ডাঙৰ-দীঘল কৰা ছোৱালীজনীক সজাৰ ভিতৰত বন্দী কৰা ৰখা সম্ভৱ নহয়।

image 101

গুৱাহাটীত সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল তেওঁ। লাহে লাহে কেইবাটাও সংবাদ প্ৰতিষ্ঠানত কাম কৰাৰ অভিজ্ঞতা বুটলিছিল ছোৱালীজনীয়ে।

তেওঁ আছিল মেকআপ আৰ্টিষ্ট। য’তেই কাম কৰিছিল, নিজৰ ছাপ তাত এৰি থৈ আহিছিল ছোৱালীজনীয়ে। সকলোৱে ভাল পাইছিল, সকলোৱে তেওঁৰ নিষ্ঠা আৰু কৰ্মস্পৃহাৰ শলাগ লৈছিল।

image 102

সেইজনী ছোৱালীয়েই ৪ দিনৰ ছুটী লৈ ঘৰলৈ গৈ আকৌ উভতি নাহিল মায়াসনা জগতখনলৈ!

নিষ্ঠুৰ নিয়তিয়ে নিমিষতে কাঢ়ি লৈ গ’ল সকলোৰে মৰমৰ, পৰিয়ালৰ নয়নৰ মণি ছোৱালীজনীক। যি খবৰে এতিয়া মৰ্মাহত কৰিছে সকলোকে।

ছোৱালীজনীৰ নাম ডলী হাজৰিকা। ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াত।

image 103

কৰ্মৰত ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানটোৰ পৰা ৪ দিনৰ ছুটি লৈ দেওবাৰে ঘৰত উপস্থিত হৈছিল ডলী। সেই সময়তে ঘৰলৈ আহিছিল আলহীও।

সন্ধিয়া বাইকেৰে পিতৃৰ সৈতে সন্তপুৰলৈ মাংস আৰু অন্যান্য বজাৰ কৰিবলৈ ওলাই গৈছিল ডলীয়ে। কিন্তু তেতিয়াই ঘটি যায় সেই অঘটন…!

বিবাহ যাত্ৰী কঢ়িওৱা এখন তীব্ৰবেগী আল্ট্ৰা বাছে নিয়ন্ত্ৰণ হেৰুৱাই বাইক আৰোহী পিতৃ-কন্যাক মহটিয়াই নিয়াত গুৰুতৰভাৱে আহত হয় দুয়োজন।

image 104

দুৰ্ঘটনাৰ পিছত কিছুসময় সংজ্ঞাত আছিল ডলী। হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু উশাহ নিশাসত কষ্ট পোৱা বুলি কোৱা ডলীক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পিছতে মুখেৰে ৰক্তক্ষৰণ হৈ মৃত্যুক আঁকোৱালি লয় যুৱতীগৰাকীয়ে।

বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়তে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ডলীৰ পিতৃ দিলীপ হাজৰিকা। চেতনা ঘূৰাই পাই বাৰে বাৰে খবৰ লৈছে মৰমৰ মাজনীৰ।

কিন্তু চিকিৎসাধীন পিতৃক কোনেও জনাবলৈ সাহস কৰা নাই যে তেওঁৰ মৰমৰ মাজনী আৰু নাই। এই খবৰ দিয়া হোৱা নাই মাতৃকো।

image 105

ঘৰত স্বামী আৰু কন্যাৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰি থকা মাতৃক ডলীৰ মৃত্যুৰ খবৰ দিয়া হোৱা নাই। জানোছা সেই খবৰ লাভ কৰি ভাগি পৰে মাতৃও!

পৰিয়ালে অভিযোগ কৰিছে- সময়মতে এম্বুলেন্স পোৱা হ’লে হয়তো জীৱন বাচিলহেঁতেন ডলীৰো। কিন্তু সেয়া সম্ভৱ নহ’ল।

সকলোৰে প্ৰিয় সংবাদকৰ্মী ডলী হাজৰিকাৰ অকাল মৃত্যুৱে শোকাহত কৰিছে সকলোকে। দুখৰ বন্যা নমাইছে সংবাদ জগতখনতো।

হাঁহিমুখীয়া মৰমলগা ছোৱালীজনী যে আৰু নাই, সেয়া যেন কোনেও বিশ্বাস কৰিব পৰা নাই।

Related Articles

Back to top button