ভাল খবৰ! পিতৃক হেৰুওৱাৰ সুদীৰ্ঘ ২৫ বছৰ পিছত অৱশেষত আৰক্ষী কনিষ্টবলৰ চাকৰি লাভ কৰিলে শ্বহীদ নৃপেন্দ্ৰ বৰ্মনৰ কন্যা ৰাজশ্ৰীয়ে…

নিউজ ডেস্কঃ উগ্ৰপন্থীৰ সৈতে যুঁজি শ্বহীদ হৈছিল আৰক্ষী কনিষ্টবল পিতৃ।

তাৰ পিছত সুদীৰ্ঘ ২৫ বছৰ নানান ঘাত-প্ৰতিঘাতৰ মাজেৰে জীৱন নিৰ্বাহ কৰি অৱশেষত যেন ভাল খবৰটো পাবলৈ সক্ষম হ’ল পৰিয়ালটোৱে।

শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ পৰা নিযুক্তি পত্ৰ গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰিল শ্বহীদ কনিষ্টবলগৰাকীৰ একমাত্ৰ কন্যা।

উল্লেখ্য যে, ১৯৯৮ চনৰ ৩ ডিচেম্বৰত গুৱাহাটীৰ জু-ৰোডত উগ্ৰপন্থীৰে সংঘটিত সংঘৰ্ষত শ্বহীদ হৈছিল বজালীৰ ওদালগুৰিৰ সাউলীয়াবৰিৰ নিৱাসী আৰক্ষী কনিষ্টবল নৃপেন্দ্ৰ বৰ্মন।

সেই সময়ত তেওঁৰ একমাত্ৰ কন্যা ৰাজশ্ৰী বৰ্মনৰ বয়স আছিল কেৱল ৪ মাহ।

পিতৃৰ বিয়োগৰ পিছত আৰ্থিক অনাটন আৰু অতি দুখ-কষ্টৰ মাজেৰে মাতৃয়ে ডাঙৰ দীঘল কৰিছিল ৰাজশ্ৰীক।

ৰাজশ্ৰীয়ে শেহতীয়াকৈ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্দিষ্ট মাননীৰ বিপৰীতে শিক্ষকতা কৰি আছিল।

কিন্তু শ্বহীদ পিতৃৰ স্বীকৃতি দি শেহতীয়াকৈ ৰাজ্য চৰকাৰে পৰিয়ালটোক প্ৰদান কৰে এটা চৰকাৰী চাকৰি।

তাৰ পিছতে শনিবাৰে গুৱাহটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত আৰক্ষী কনিষ্টবলৰ নিযুক্তি লাভ কৰে ৰাজশ্ৰীয়ে।

কন্যা ৰাজশ্ৰীয়ে চাকৰি লাভ কৰাৰ পিচত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে মাতৃ সবিতা বৰ্মনো।

1 thought on “ভাল খবৰ! পিতৃক হেৰুওৱাৰ সুদীৰ্ঘ ২৫ বছৰ পিছত অৱশেষত আৰক্ষী কনিষ্টবলৰ চাকৰি লাভ কৰিলে শ্বহীদ নৃপেন্দ্ৰ বৰ্মনৰ কন্যা ৰাজশ্ৰীয়ে…”

Comments are closed.