অসমীয়াঅসম

চাঞ্চল্যকৰ! থানাৰ ভিতৰতে পিষ্টলেৰে গুলীয়াই আত্মহত্যা গৃহৰক্ষী জোৱানৰ…

নিউজ ডেস্কঃ আৰক্ষী থানাৰ ভিতৰতে এগৰাকী গৃহৰক্ষী জোৱানে পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মৰিগাঁৱত। মৰিগাঁও আৰক্ষী থানাত নিয়োজিত গৃহৰক্ষী জোৱানজনে দেওবাৰে সংঘটিত কৰে এই ঘটনা।

জাানিব পৰা মতে, ৰণ্টু মেধি নামৰ গৃহৰক্ষী জোৱানজনে দেওবাৰে পুৱা মৰিগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰত পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰে। নিহত গৃহৰক্ষী জোৱানজনৰ ঘৰ মৰিগাঁও জিলাৰ কাঁহিবাৰীত বুলি জানিব পৰা গৈছে।

photo1661085430

অৱশ্যে গৃহৰক্ষী জোৱানজনে কি কাৰণে আত্মহত্যা কৰিলে, সেয়া এতিয়া জানিব পৰা হোৱা নাই। কিন্তু বিগত কিছুদিনৰ পৰা ব্যক্তিগত সমস্যাৰ সৈতে যুঁজি থকা যুৱকজনে মানসিক হতাশাত ভুগিয়েই এই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ কৰা হৈছে।

মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে এজন গৃহৰক্ষীৰ এই আত্মহত্যাৰ ঘটনাই সমস্ত ৰাইজৰ মাজত এক আলোড়নৰ লগতে বিভিন্ন প্ৰশ্নৰো অৱতাৰণা কৰিছে। ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।