
মহানুভৱতা! মুখ্যমন্ত্ৰীৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল এগৰাকী গৰ্ভৱতী মহিলাৰ…
নিউজ ডেস্কঃ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ তৎপৰাত প্ৰাণ ৰক্ষা পৰিল ৰাজ্যখনৰ এগৰাকী মহিলা আৰু তেওঁৰ গৰ্ভত থকা সন্তানৰ। জৰুৰী সময়ত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে প্ৰেৰণ কৰা হেলিকপ্টাৰৰ জৰিয়তে হাস্পতালত উপস্থিত হৈ চিকিৎসা সেৱা লাভ কৰে প্ৰসৱ বেদনাত চটফটাই থকা মহিলাগৰাকীয়ে।
গৰ্ভৱতী মহিলাগৰাকীক কৰা এই সহায়ৰ বাবে এতিয়া মুখ্যমন্ত্ৰী ধামীক কৃতজ্ঞতা জনাইছে মহিলাগৰাকীৰ পৰিয়াল তথা সচেতন মহলে।
দৰাচলতে উত্তৰকাশীৰ গজনা পট্টীৰ কামদ গাঁৱৰ ৰাজমা দেৱী নামৰ মহিলাগৰাকৰ হঠাৎ প্ৰসৱ বেদনা অনুভৱ হয়। সেই সময়ত উত্তৰাখণ্ডত হৈ থকা প্ৰচণ্ড বৃষ্টিপাতৰ মাজতেই মহিলাগৰাকীক পৰিয়ালৰ লোকে অশেষ কষ্টেৰে জিলা হাস্পতাললৈ লৈ যায়।
কিন্তু মহিলাগৰীকৰ গৰ্ভত যমজ সন্তান থকাৰ পৰিপ্ৰেক্ষিতত জিলা চিকিৎলায় কৰ্তৃপক্ষই ৰাজমা দেৱীক উন্নত চিকিৎসাৰ বাবে উচ্চ কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

কিন্তু ধাৰাসাৰ বৰষুণ আৰু তাৰ সমান্তৰালভাৱে হোৱা ভূমিস্খলনে অধিকাংশ ঘাইপথেৰে যাতায়ত স্থবিৰ কৰি তোলাত মহিলাগৰাকীক ডেৰাডুনলৈ নিয়াত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় পৰিয়াল।
সেই সময়তে মহিলাগৰাকীৰ সমস্যাৰ বিষয়ে জানিব পাৰি জিলা পঞ্চায়তৰ সদস্য প্ৰদীপ ভট্টে মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ ফোন কৰি মহিলাগৰাকীৰ বাবে হেলিকপ্টাৰ প্ৰেৰণৰ বাবে অনুৰোধ জনায়।
আনহাতে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মহিলাগৰাকীৰ অসুস্থতাৰ বিষয়ে জানিব পৰাৰ লগে লগে তেওঁৰ ব্যক্তিগত হেলিকপ্টাৰখন প্ৰেৰণ কৰে আৰু মহিলাগৰাকীক হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰোৱায়। যাৰ ফলত সময় থাকোতেই মহিলাগৰাকীয়ে হাস্পতালত চিকিৎসা লাভ কৰিবলৈ সক্ষম হয়।
মুখ্যমন্ত্ৰীৰ এই মহানুভৱতা আৰু জিলা পঞ্চায়তৰ সদস্য প্ৰদীপ ভট্টৰ প্ৰচেষ্টাই এগৰাকী মহিলা আৰু তেওঁৰ গৰ্ভৰ সন্তানৰ জীৱন ৰক্ষা কৰে এনেদৰেই। যাৰ বাবে এতিয়া দুয়োগৰাকীকে ধন্যবাদ জনাইছে ৰাজমা দেৱীৰ পৰিয়ালে।





