অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! কইনাৰ সাজ পিন্ধি শ্বহীদ স্বামীক শেষ বিদায় পত্নীৰ, দৃশ্য দেখি উচুপি উঠিল সকলো…

নিউজ ডেস্কঃ শাৰীৰিকভাৱে অসুস্থ হৈ হঠাৎ মৃত্যু ঘটা ভাৰতীয় সেনা জোৱান অমিত কুমাৰক কইনাৰ সাজ পিন্ধি বিদায় জনালে পত্নীয়ে।

দেওবাৰে শ্বহীদ জোৱানগৰাকীৰ নশ্বৰ দেহ হিমাচল প্ৰদেশৰ মণ্ডী জিলাৰ যোগিন্দৰনগৰৰ দুল গাঁৱৰ স্বগৃহত উপস্থিত হোৱাৰ পিছতে শোকত ভাগি পৰে পৰিয়াল আৰু অঞ্চলবাসী।

কইনাৰ সাজ পিন্ধি স্বামীক শেষ বিদায় জনোৱাৰ পিছতে নিজৰ জন্মভূমিতে পঞ্চভূতত বিলীন হয় সেনা জোৱান অমিত কুমাৰৰ। সেনা জোৱানজনক অশ্ৰুসিক্ত নয়নেৰে বিদায় জনায় অঞ্চলবাসীয়েও।

photo1661091046

উল্লেখ্য যে, হিমাচল প্ৰদেশৰ গলু পঞ্চায়তৰ দুল গাঁৱৰ বাসিন্দা অমিত কুমাৰ ছিয়াচেন হিমবাহত এবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি সেনাৰ মুখ্য কাৰ্যালয়লৈ উভতি আহিছিল।

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত সেনাৰ চণ্ডীগড় হাস্পতালত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। অমিত লেহ লাডাখৰ পঞ্জাৱ-২১ ৰেজিমেণ্টত নায়ক ৰেংকত আছিল।

প্ৰায় পাঁচ বছৰ পূৰ্বে তেওঁ ভাৰতীয় সেনাবাহিনীত যোগদান কৰি ছিয়াচেন হিমবাহত সেৱা আগবঢ়াই আছিল।

photo1661091051

দেওবাৰে ত্ৰিৰংগাৰে মেৰিয়াই অমিতৰ মৃতদেহ দুল গাঁৱত উপস্থিত হোৱাৰ লগে লগে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। পুত্ৰৰ মৃতদেহ দেখি অজ্ঞান হৈ পৰে মাতৃ গৌৰী।

পত্নী মনিষাই যেন কান্দিবলৈকে পাহৰি পেলায়। পিছত অসংখ্য লোকৰ উপস্থিতিত এক শোকাকুল পৰিৱেশত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয় জোৱানজনৰ।

photo1661091081

উল্লেখ্য যে, প্ৰায় ডেৰ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা অমিত কুমাৰৰ আছে এটি কণমানি কন্যা সন্তান। জুন মাহত প্ৰায় ৪০ দিনৰ ছুটি লৈ ঘৰলৈ অহা অমিত কুমাৰ অক্টোবৰত পুনৰ ছুটিত ঘৰলৈ আহি ঘৰৰ কিছু মেৰামতি কাম কৰাৰ কথা কৈছিল।

কিন্তু তাৰ পূৰ্বেই শাৰীৰিক অসুস্থতাই প্ৰাণ কাঢ়ি নিয়ে জোৱানজনৰ।

লগতে চাওকঃ

ত্ৰিপুৰাৰ বাংলাদেশ সীমান্তত উগ্ৰপন্থীৰ গুলীত শ্বহীদ BSF জােৱানৰ পৰিয়াললৈ ১ কােটি টকাৰ ‘সন্মান নিধি’ প্ৰদানৰ ঘােষণা মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

G8