ভিক্টৰ দাসে বতাহত মিছা মাতি থাকিলে নহ’বঃ এইবাৰ প্ৰতিক্ৰিয়া বিশেষ DGP জিপি সিঙৰ…

নিউজ ডেস্কঃ গ্ৰেপ্তাৰ কৰা হ’ল ভিক্টৰ দাসক! নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি উৰা বাতৰি বিয়পোৱাৰ অপৰাধত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাসক। আৰু এই গ্ৰেপ্তাৰৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামাজিক মাধ্যমত।

অভিযোগ উত্থাপন কৰা জনকেই অপৰাধী সজাই আৰক্ষী তথা চৰকাৰে নিজৰ দোষ গাপ দিব বিচৰা বুলিও অনেকে অভিযোগ কৰিছে। অন্যহাতে ভিক্টৰ দাসে নিজেই তেওঁ উত্থাপন কৰা অভিযোগৰ তথ্য প্ৰমাণ থকা বুলি দাবী কৰাৰ পিছতো সেয়া কিয় আৰক্ষীক দিবলৈ সক্ষম নহ’ল বুলিও প্ৰশ্ন উত্থাপন কৰিছে একাংশই।

সামাজিক মাধ্যমত অব্যাহত থকা এনে প্ৰতিক্ৰিয়াৰ মাজতে এইবাৰ ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য কৰিলে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে। ভিক্টৰ দাসে কেৱল বতাহত মিছা মাতি থাকিলেই নহ’ব বুলি মন্তব্য কৰি বিশেষ ডিজিপি জিপি সিঙে কয় যে তেওঁক তথ্য প্ৰদান কৰিবলৈ যথেষ্ট সময় দিয়া হৈছিল। কিন্তু তৎসত্বেও ভিক্টৰে কোনো তথ্য প্ৰমাণ বা অনিয়ম সংঘটিত কৰা ব্যক্তিৰ নাম প্ৰকাশ কৰিবলৈ সক্ষম নহ’ল।

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰা হৈছিল বুলি পুুনৰ এবাৰ দাবী কৰি জিপি সিঙে কয় যে ইয়াৰ সৈতে অসমৰ ১২ লাখ যুৱক-যুৱতীৰ ভৱিষ্যত জড়িত হৈ আছে। ভিক্টৰ দাসে অভিযোগ উত্থাপন কৰি সেই সন্দৰ্ভত কোনো তথ্য দিবলৈ সক্ষম নহ’ল।

বিশেষ ডিজিপি জিপি সিঙে কয়, ‘কোনোবাই কিবা কথা যদি কয়, য’ত ১২ লাখ মানুহৰ জীৱনৰ কথা আছে, তাত প্ৰমাণ নোহোৱাকৈ কোৱাটো উচিত। তেওঁক যেতিয়া সুযোগ দিয়া হৈছিল- সেই সময়ত তেওঁ প্ৰমাণ দিবলৈ সক্ষম নহ’ল।’

ইফালে, নিযুক্তি পৰীক্ষাৰ পিছতে ভিক্টৰ দাসে কৰা এটা টুইট সম্পৰ্কে উল্লেখ কৰি জিপি সিঙে কয় যে তেতিয়াৰ পৰাই এই সন্দৰ্ভত তদন্ত চলাই থকা হৈছিল। সেই টুইটটোত ভিক্টৰ দাসে তেওঁৰ কোচিং চেণ্টাৰত শিক্ষাদান কৰা সৰহ সংখ্যক প্ৰশ্নই পৰীক্ষাত অহা বুলি মন্তব্য কৰিছিল।