মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আধুনিক অসমৰ এজন বীৰ লাচিতঃ বিধায়ক শশীকান্ত দাস

পুনৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হ’ল কংগ্ৰেছী বিধায়ক শশীকান্ত দাস।

কংগ্ৰেছ দলৰ নিলম্বিত নেতা শশীকান্ত দাসে কলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আধুনিক অসমৰ এজন বীৰ লাচিত।

তেওঁ কয়- যি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে দিছে, সেয়া ৰক্ষা কৰি আহিছে।

এই সন্দৰ্ভত ৰহাৰ বিধায়ক গৰাকীয়ে মাইক্ৰ’ফাইনেন্স ঋণ মাফ আৰু ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ উদাহৰণ দিয়ে।

লগতে উন্নয়নৰ পক্ষত থাকি মুখ্যমন্ত্ৰীক সহযোগিতা কৰাৰ কথাও পুনৰবাৰে দোহাৰে নেতাগৰাকীয়ে।

তেওঁ কয়- ভৱিষ্যতে বহু বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ উন্নয়নমুখী যাত্ৰাত একাত্ম হৈ পৰিব। তেখেতে কৰা উন্নয়ন সমূহ সূৰ্যৰ পোহৰৰ দৰে জলজল পটপট হৈ আছে। মহাপুৰুষ শংকৰদেৱে গঢ়ি যোৱা অসমখনক মাননীয় মুখ্যমন্ত্ৰীয়ে যিদৰে সবল নেতৃত্ব দিছে, মই ভাৱে তেওঁ আধুনিক অসমৰ এজন বীৰ লাচিত।

Leave a Comment