মাজ আকাশত ইণ্ডিগ’ৰ বিমানত আতংকৰ সৃষ্টি ‘ছলমান’ৰ, গ্ৰেপ্তাৰ

দিল্লীৰ এজন ২৬ বছৰীয়া ব্যৱসায়ীয়ে দেওবাৰে পুৱা গোৱাৰ পৰা মুম্বাই অভিমুখী এখন বিমানত সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ।

বিমানৰ ভিতৰত নিজৰ আসনত পৰা উঠি প্ৰবেশদ্বাৰত থিয় হৈ হুলস্থুলৰ সৃষ্টি কৰা যুৱকজনৰ বাবেই সমস্যাত পৰে বিমানখনৰ আন যাত্ৰী সকলেও।

আনহাতে যুৱ ব্যৱসায়ী জনৰ অদ্ভুত আচৰণৰ বাবে বিমানখন অৱতৰণ কৰাৰ পূৰ্বে বহু সময় আকাশ মাৰ্গতে ঘূৰি ফুৰিবলগা হয়।

G05 1
মাজ আকাশত ইণ্ডিগ’ৰ বিমানত আতংকৰ সৃষ্টি 'ছলমান'ৰ, গ্ৰেপ্তাৰ 3

এনে ঘটনা সংঘটিত হয় ইণ্ডিগ’ৰ এখন বিমানত।

জানিব পৰা মতে,দেওবাৰে পুৱা ৭ বজাত দাবলিম বিমানবন্দৰৰ পৰা ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ৰাওনা হয় বিমানখন।

এই বিমানখনতে যাত্ৰী হিচাপে থকা দিল্লীৰ জামা মছজিদৰ নিবাসী ছলমান খানে বিমানৰ ভিতৰত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰে।

বিমানখনৰ এগৰাকী পৰিচাৰিকাই জানিবলৈ দিয়া মতে, বিমানখনে উৰা মৰাৰ ৫ মিনিট পিছতে ছলমান খান নামৰ ব্যসায়ীজনে হাতত তেওঁৰ বেগটো লৈ নিজ আসনৰ পৰা উঠি আহি প্ৰৱেশ দুৱাৰৰ গেলিৰ ওচৰত থিয় হয়।

সেই সময়ত বিমান পৰিচাৰিকাই যুৱকজনক নিজৰ আসনত গৈ বহিবলৈ অনুৰোধ জনায় যদিও যুৱকজনে টয়লেটলৈ যোৱাৰ কথা কয়। কিন্তু পৰিচাৰিকাই তেওঁক বেগটো নিজৰ আসনত থৈ যাবলৈ কয় যদিও ছলমানে অস্বীকাৰ কৰে।

আনহাতে টয়লেটৰ পৰা ওলাই আহি পুনৰ যুৱকজনে গেলিৰ ওচৰত থিয় হৈ এইবাৰ বিমানৰ কেপ্টেইনৰ সৈতে কথা পাতিব বিচাৰে। পৰিচাৰিকাই যুৱকজনক বুজাবলৈ চেষ্টা কৰে যে কেপ্টেইনৰ সতে কথা পতাৰ অনুমতি নাই। কিন্তু যুৱকজনে জিদ ধৰে যে তেওঁক কেপ্টেইনৰ সৈতে কথা পাতিব নিদিয়া পৰ্যন্ত তাতেই থিয় হৈ থাকিব।

ছলমান খানে তেওঁৰ আসন সলনি কৰাৰ বাবেও বিমান সেৱকক দাবী জনায়। কিন্তু বিমান সেৱকে তেওঁক জনাই যে যিহেতু গোটেই আসন পূৰ্ণ হৈ আছে, সেইবাবে তেওঁক আন আসন প্ৰদান কৰাটো সম্ভৱ নহয়।

ইফালে বিমানখন ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দত অৱতৰণ কৰাৰ সময়তো যুৱকজনে নিজৰ আসনত গৈ বহিবলৈ অস্বীকাৰ কৰে। যাৰ বাবে বিমান অৱতৰণত পলম হয়।

অৱশেষত বিমান পৰিচাৰিকাই জোৰ কৰি যুৱকজনক নিজৰ আসনলৈ বহুৱাই ৰখাতহে বিমানখনে অৱতৰণ কৰিবলৈ সক্ষম হয়।

বিমানখন অৱতৰণ কৰাৰ লগে লগে, তেওঁ পুনৰ উঠি আহি প্ৰৱেশ দ্বাৰৰ ওচৰত থিয় হয়। আনফালে যুৱকজনৰ বিষয়ে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীক (চিআইএছএফ) সতৰ্ক কৰি দিয়া হোৱাৰ পিছতে তেওঁক আটক কৰা হয় আৰু বিমানবন্দৰ আৰক্ষীক গতাই দিয়াৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ছলমান খানক।

বিমানবন্দৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে যুৱকজনে প্ৰথমবাৰলৈ বিমানত উঠাৰ পৰিপ্ৰেক্ষিত যথেষ্ট ভয় খাই আছিল। যাৰ বাবে তেওঁ তেনে আচৰণ কৰিছিল। পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হয় বুলিও বিমানবন্দৰ আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক ভাগৱত গাৰাণ্ডেয়ে জানিবলৈ দিয়ে।

লগতে চাওকঃ

ৰােলাৰ চলাই আৰক্ষীয়ে ধ্বংস কৰিলে শতাধিক শব্দ প্ৰদূষণকাৰী চাইলেন্সাৰ! চাওক ভিডিঅ’…

G5 12
মাজ আকাশত ইণ্ডিগ’ৰ বিমানত আতংকৰ সৃষ্টি 'ছলমান'ৰ, গ্ৰেপ্তাৰ 4

Leave a Comment