অভিনেতা চনু সুদৰ বাহন জব্দ, গোচৰ ৰুজু!

পঞ্জাৱত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে আৰক্ষীৰ ৰোষত পৰিছে অভিনেতা চনু সুদ।

নিৰ্বাচন আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত বলিউডৰ চুপাৰষ্টাৰ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

FMBrSssVUAAt0Up
অভিনেতা চনু সুদৰ বাহন জব্দ, গোচৰ ৰুজু! 5

উল্লেখ্য যে, পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত এইবাৰ মোগা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে চনু সুদৰ ভগ্নী মালবিকা সুদে।

অভিনেতা চনু সুদে ভগ্নীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভোটকেন্দ্ৰত ভোটাৰক প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

FMBuIOAaUAIST0m
অভিনেতা চনু সুদৰ বাহন জব্দ, গোচৰ ৰুজু! 6

উল্লেখ্য যে, ২০ ফেব্ৰুৱাৰীত একে প্ৰসংগতে অভিনেতাজনৰ বাহনখন জব্দ কৰিছিল আৰক্ষীয়ে।

২০ ফেব্ৰুৱাৰীত শিৰোমণি অকালি দলৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চনু সুদৰ বাহন জব্দ কৰাৰ লগতে মোগাত ঘূৰা ফুৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।

G5 11
অভিনেতা চনু সুদৰ বাহন জব্দ, গোচৰ ৰুজু! 7

অভিনেতাজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি, তেওঁ ভোটকেন্দ্ৰলৈ গৈ ভগ্নীৰ সপক্ষে ভোট দিবলৈ ভোটাৰক প্ৰলোভিত কৰিছিল।

লক্ষণীয়ভাৱে বলিউডৰ অভিনেতাগৰাকীয়ে মোগাৰ লেণ্ডেকে ভিলেজৰ ২০৫ নম্বৰৰ বুথত উপস্থিত হোৱাৰ সময়তে অনেক সংখ্যক ভোটাৰে তেওঁক ঘেৰি ধৰি চেল্ফি তোলা পৰিলক্ষিত হয়।

এই সন্দৰ্ভত শিৰোমণি অকালি দলৰ সমৰ্থক সকলে নিৰ্বাচন পৰ্যবেক্ষকৰ ওচৰত অভিযোগ দাখিল কৰাত আৰক্ষী থানা চহৰ ১ৰ ভাৰপ্ৰাপ্ত বিষয়া দলজিৎ সিঙে চনু সুদৰ গাড়ীখন জব্দ কৰে।

অৱশ্যে অভিনেতাগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত কোনো কথা কব বিচৰা নাই আৰক্ষী বিষয়া সকলে।

লগতে চাওকঃ

ৰােলাৰ চলাই আৰক্ষীয়ে ধ্বংস কৰিলে শতাধিক শব্দ প্ৰদূষণকাৰী চাইলেন্সাৰ! চাওক ভিডিঅ’…

G5 12
অভিনেতা চনু সুদৰ বাহন জব্দ, গোচৰ ৰুজু! 8

Leave a Comment