ৰাষ্ট্ৰীয়

চণ্ডীগড়ৰ পৰা যোৰহাটলৈ একেৰাহে যাত্ৰা কৰি আটাইতকৈ দীঘলীয়া হেলিকপ্টাৰ উৰণৰ অভিলেখ IAFৰ চিনুকৰ

নিউজ ডেস্ক। সুদূৰ চণ্ডীগড়ৰ পৰা অসমৰ যোৰহাটলৈ একেৰাহে যাত্ৰা কৰি ভাৰতৰ আটাতকৈ দীঘলীয়া হেলিকপ্টাৰ চৰ্টি উৰুওৱাৰ অভিলেখ গঢ়িছে ভাৰতীয় বায়ুসেনাৰ চিএইচ-৪৭এফ (আই) চিনুক হেলিকপ্টাৰে।

সোমবাৰে অপাৰেশ্যন প্ৰশিক্ষণৰ কামৰ বাবে চিনুক হেলিকপ্টাৰখনে চণ্ডীগড়ৰ পৰা যোৰহাটলৈ কৰে এই যাত্ৰা।

image 26

চীনৰ সৈতে চলি থকা সীমা উত্তেজনাৰ মাজত লাডাখ খণ্ডত ব্যাপকভাৱে ব্যৱহৃত বোয়িং নিৰ্মিত মাল্টি-মিছন হেলিকপ্টাৰে ১৯১০ কিলোমিটাৰৰ এই দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিবলৈ সময় লাগে চাৰে সাত ঘণ্টা।

image 27

চিনুকৰ সামৰ্থ্যৰ লগতে আইএএফৰ দ্বাৰা কাৰ্যকৰী পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ বাবে এই চৰ্টি সম্ভৱ হোৱা বুলি টুইটাৰত মন্তব্য কৰে এগৰাকী প্ৰতিৰক্ষা মুখপাত্ৰই।

তেওঁ লগতে জানিবলৈ দিয়া মতে, এই অভিযানৰ সময়ত চিনুক হেলিকপ্টাৰখনত অতিৰিক্ত ইন্ধন টেংক ব্যৱহাৰ কৰা হৈছিল।

উল্লেখ্য যে, চিনুকে ভাৰতীয় সশস্ত্ৰ বাহিনীক যুদ্ধ আৰু মানৱীয় অভিযানৰ সম্পূৰ্ণ পৰিসৰত কৌশলগত বিমান চালনাৰ সামৰ্থ্য প্ৰদান কৰি আহিছে।

বিশেষকৈ আৰ্টিলাৰী স্থানান্তৰ কৰা, যুদ্ধক্ষেত্ৰৰ অস্ত্ৰশস্ত্ৰৰ যোগান আৰু সৈন্য পৰিবহনৰ বাবে চিনুক হেলিকপ্টাৰ ব্যৱহাৰ কৰা হয়।

লগতে চাওকঃ

পিতৃ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জােৱান, ৪ জীয়ৰীয়েই ভৰ্তি হ’ল আৰক্ষী বাহিনীত…

G7 2

Leave a Reply

Your email address will not be published. Required fields are marked *