অসম

২৩ এপ্ৰিলত অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…

অহা ২৩ এপ্ৰিলত এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

উল্লেখ্য যে, বাংলাদেশৰ স্বাধীনতা যুদ্ধত শ্বহীদ হোৱা ৯ গৰাকী সৈনিকৰ বিধৱা পত্নী, আঘাতপ্ৰাপ্ত ৬ গৰাকী সৈনিক, দুগৰাকী যুদ্ধ বন্দী সৈনিক আৰু এই যুদ্ধত অংশ লোৱা ৭২ গৰাকী অসমৰ সৈনিকক প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজনৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানতে অংশ লোৱাৰ উদ্দেশ্য ২৩ এপ্ৰিলত অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আগমণক লৈ সোমবাৰে দিছপুৰৰ জনতা ভৱনৰ নিজ কাৰ্যালয়ত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে শক্তিমন্ত্ৰী বিমল বৰাই।

ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত আৰু সচিব এম এছ মণিৱন্নন, গৃহ বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সচিব দেৱজ্যোতি দত্তকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থকা বৈঠকখনত ৰাজনাথ সিঙৰ আগমণৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *