অসম

নৃশংস কাণ্ড! ডাইনীৰ সন্দেহত হত্যাৰ বলি হ’ল এহাল দম্পতী…

নিউজ ডেস্ক। বাক্সা জিলাৰ ডুমুনী চাহ বাগিচাত চাঞ্চল্যকৰ হত্যাকাণ্ড। ডাইনীৰ সন্দেহত নৃশংসভাৱে হত্যা এহাল দম্পতীক।

বাগিচাখনৰ ১০ নম্বৰ লাইনত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এই চাঞ্চল্যকৰ ঘটনা।

জানিব পৰা মতে, ডুমুনী চাহ বাগিচাৰ সূৰজ এক্কা নামৰ এজন লোকৰ ঘৰত বিগত কিছুদিন ধৰি কেতবোৰ অদ্ভূত ঘটনা সংঘটিত হৈ অহাৰ লগতে পত্নীও অসুস্থ হৈ আছিল।

519

পৰিয়ালটোৱে ইয়াৰ চিকিৎসা কৰিও কোনো সুফল নোপোৱাত শুক্ৰা কচুৱা আৰু বালামদিনা তিৰ্কী নামৰ দম্পত্তিহালে তন্ত্ৰ-মন্ত্ৰ কৰাৰ সন্দেহ কৰে।

এই সন্দেহৰে বলি হৈ সূৰজ এক্কাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে দম্পতীটোক। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বাগিচাখনত।

নিহত দম্পতীটোৰ জীয়ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ডাইনী সন্দেহতে তেওঁৰ পিতৃ-মাতৃক সূৰয এক্কাই হত্যা কৰিছে৷ সূৰযৰ পৰিয়ালত আত্মা জাপি দিয়াৰ সন্দেহ কৰি ভাবুকি দি আহিছিল তেওঁলোকক ৷ আজি দুপৰীয়া ঘৰলৈ আহি আক্ৰমণ কৰি হত্যা কৰে।

ঘটনাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অভিযুক্ত সূৰজ এক্কাক গ্ৰেপ্তাৰ কৰিছে।

লগতে চাওকঃ

শােকাৱহ! বজ্ৰপাতত কৰুণ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

G6 2

Leave a Reply

Your email address will not be published. Required fields are marked *