অসম

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়ঃ শিক্ষক পদত আবেদন কৰিব নোৱাৰিব এইসকল টেট উত্তীৰ্ণই…

নিউজ ডেস্ক। মাদ্ৰাছা টেট শিক্ষকক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়।

মাদ্ৰাছা টেট উত্তীৰ্ণই সাধাৰণ শিক্ষকৰ পদত আবেদন কৰিব নোৱাৰিব।

শুকুৰবাৰে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

482

উল্লেখ্য যে, অসম চৰকাৰে ২০২০ চনৰ ১০ ছেপ্তেম্বৰত এক অধিসূচনা জাৰি কৰি মাদ্ৰাছা টেট উত্তীৰ্ণক সাধাৰণ শিক্ষক পদৰ বাবে দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছিল।

চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে নিযুক্তি বঞ্চিত বহুসংখ্যক মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল।

কিন্তু অৱশেষত গুৱাহাটী হাইকোৰ্টে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখে।

উল্লেখ্য যে, ২০১৪ চনত অসম চৰকাৰে প্ৰাদেশীকৃত শিক্ষানুষ্ঠাসমূহত নিযুক্তিৰ অংশ হিচাপে মাদ্ৰাছা টেট পৰীক্ষা অনুষ্ঠিত কৰিছিল।

য’ত ২০,৫০০ গৰাকী প্ৰাৰ্থী পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

লগতে চাওকঃ

আজব ঘটনা! চৰকাৰী বিষয়াৰ ভাও লৈ চোৰে চুৰি কৰিলে ৫৫০ টন ওজনৰ লােহাৰ দলং

G1 9

Leave a Reply

Your email address will not be published. Required fields are marked *