ৰাষ্ট্ৰীয়অসমীয়া

চৰকাৰী বিষয়াৰ ভাও লৈ চোৰে চুৰি কৰিলে ৫৫০ টন ওজনৰ লােহাৰ দলং

নিউজ ডেস্ক। আপুনি সোণ-ৰূপৰ গহনা চুৰি হোৱাৰ বিষয়ে শুনিছে, টকাৰ বেগ, এটিএম আদিও চুৰি হোৱাৰ বিষয়ে নিশ্চয় শুনিছে। কিন্তু আজি যিটো চুৰিকাৰ্যৰ বিষয়ে আমি আপোনাক জনাব বিচাৰিছো, সেয়া শুনিলে আপুনিও তবধ মানিব।

এক অদ্ভূত আৰু আশ্বৰ্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে বিহাৰৰ ৰোহতাছ জিলাত।

ৰাতিৰ ভিতৰতে জিলাখনৰ এখন তীখাৰ দলং চুৰি কৰি লৈ গ’ল চোৰে। যি ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

G1 9

প্ৰায় ৫৫০ টন ওজনৰ ৬০ ফুট দৈৰ্ঘৰ দলংখন চুৰি কৰাৰ কৌশলো অছিল অনন্য। ৰোহতাছৰ আৰা-চোন খালৰ ওপৰত থকা ৪৫ বছৰ পুৰণি দলংখন চুৰিকাৰ্য আৰম্ভ হৈছিল তিনিদিন পূৰ্বৰে পৰাই।

দৰাচলতে এই দলংখনৰ কাষতে নিৰ্মাণ কৰা হৈছিল আধুনিক পদ্ধতিৰ এখন কংক্ৰিটৰ দলং। যাৰ বাবে পুৰণি দলংখনৰ ব্যৱহাৰ একেবাৰে হ্ৰাস পাইছিল। ইয়াৰে সুযোগ লৈ চোৰৰ এটা দলে আৰম্ভ কৰিছিল চুৰিৰ প্ৰস্তুতি।

নিজকে ৰাজ্যিক জলসিঞ্চন বিভাগৰ বিষয়া হিচাপে পৰিচয় দি চোৰৰ দলটোৱে তিনিদিন পূৰ্বৰে পৰাই দলংখনৰ ফ্ৰেমটো লাহে লাহে ভাগিবলৈ আৰম্ভ কৰিছিল। অতি নিঁখুটভাৱে সম্পন্ন কৰা চুৰি কাণ্ডত আনকি স্থানীয় প্ৰশাসন আৰু স্থানীয় লোকেও সহযোগিতা কৰিছিল। দলংখন ভাগিবলৈ চোৰৰ দলটোৱে ব্যৱহাৰ কৰিছিল বুলডোজাৰ আৰু গেছটৰ্ছৰ।

কিন্তু ৰাতিৰ ভিতৰতে দলংখন সন্ধানহীন হোৱাৰ পিছতহে যেন সকলোৰে চকু খোল খায়। এয়া যে এক চুৰিকাণ্ড আছিল, সেয়া বুজিবলৈ তাৰ পিছত অলপো সময় নালাগিল স্থানীয় প্ৰশাসন আৰু নিৱাসী সকলক।

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। কিন্তু এই বৃহৎ চুৰি কাৰ্য সংঘটিত কৰা চোৰৰ দলটোৰ এতিয়াও কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে।

vlcsnap 2022 04 09 16h14m43s846

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা বছৰতো বিহাৰত সংঘটিত হৈছিল আন এক বৃহৎ চুৰিকাণ্ড। ৰাজধানী পাটনাৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ নিলগৰ অমিয়াৱাৰ গাঁৱত এটা চোৰৰ দলে ২০০ কোটি টকা মূল্যৰ বালি চুৰি কৰিছিল।

আনহাতে পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউক্ৰেইন আৰু চেক গণৰাজ্যতো দলং চুৰিৰ দৰে ঘটনা সংঘটিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *