অসমঅসমীয়া

ঐতিহাসিক ৰায়! ডাইনী সন্দেহত মহিলাক হত্যা কৰা ৩ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড

নিউজ ডেস্ক। অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বাবে নিৰীহ লােকক ডাইনী সজাই আক্ৰমণ আৰু হত্যাৰ ঘটনা এতিয়াও বন্ধ হােৱা নাই।

এনে পৰিস্থিতিৰ মাজতে ডাইনী হত্যাক এক গুৰুতৰ অপৰাধ আখ্যাৰে বার্তা প্ৰেৰণ কৰাৰ লক্ষ্যৰে তেজপুৰৰ ফাষ্টট্ৰেক আদালতে প্রদান কৰিলে এক ঐতিহাসিক ৰায়।

G1 8

ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যা কৰাৰ গোচৰত অভিযুক্ত তিনিজনক আদালতে দোষী সাব্যস্ত কৰি যাবজ্জীৱন কাৰাদণ্ডৰ ৰায়দান কৰে।

উল্লেখ্য যে শোণিতপুৰৰ ৰঙাপৰা থানাৰ অন্তৰ্গত কলাবিল গাঁৱত ২০২০ চনৰ ৩ ডিচেম্বৰত সংঘটিত হৈছিল এক জঘন্য ঘটনা।

ৰঙাপৰা থানাৰ অন্তৰ্গত কলাবিল গাঁও নিৱাসী ত্ৰিনাথ ভূয়ৰ সৈতে বাসগৃহ চৌহদত জুই পুৱাই থকা পত্নী ভাগ্যৱতী ভূয়ৰক একেটা অঞ্চলৰে নিৱাসী ভুগ্নু ভুয়ৰ, মহেশ ওৰাং আৰু অতুল ভূয়ৰে ডাইনীৰ সন্দেহত হানি-খুচি নৃশংসভাৱে হত্যা কৰিছিল।

ঘটনা সন্দৰ্ভত স্বামী ত্ৰিনাথ ভূয়ৰে ৰঙাপৰা থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ১১১/২০২০ নং গোচৰ পঞ্জীয়ন কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল।

আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত তিনিওকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পাছতে আৰম্ভ হৈছিল বিচাৰ প্ৰক্ৰিয়া।

শুকুৰবাৰে অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ সুজিত কুমাৰ ঘোষৰ আদালতে অভিযুক্ত তিনিওকে ভাগ্যৱৰ্তী ভূয়ৰ নামৰ মহিলাগৰাকীক ডাইনী সন্দেহত হত্যা কৰা ঘটনাত দোষী সাব্যস্ত কৰাৰ লগতে যাবজ্জীৱন কাৰাদণ্ডৰ দণ্ডৰে দণ্ডিত কৰে।

লগতে চাওকঃ

কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ- হত্যাকাণ্ডৰ ৩ অপৰাধীক ফাঁচীৰ ৰায় আদালতৰ

G3 7

Leave a Reply

Your email address will not be published. Required fields are marked *