অপাৰেচন চাৰখাৰ! প্ৰথমবাৰৰ বাবে পৰিবহণ বিভাগৰ ৰাজহ সংগ্রহ এহেজাৰ কোটিৰ অতিক্ৰম

নিউজ ডেস্ক। অপাৰেচন চাৰখাৰ!

এই বিশেষ নামেৰে আৰম্ভ কৰা পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহৰ অভিযানৰ বাবে নতুন অভিলেখ গঢ়িলে ৰাজ্যৰ পৰিবহণ বিভাগে।

পোন প্ৰথমবাৰৰ বাবে পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ অতিক্ৰম কৰে ১ হাজাৰ কোটি টকা।

উল্লেখ্য যে ২০২০-২১ বিত্তীয় বৰ্ষত পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল ৭৩৮ কোটি টকা।

G2 7
অপাৰেচন চাৰখাৰ! প্ৰথমবাৰৰ বাবে পৰিবহণ বিভাগৰ ৰাজহ সংগ্রহ এহেজাৰ কোটিৰ অতিক্ৰম 5

বিভিন্ন জিলাৰ পৰিবহণ বিষয়াসকলক ৰাজহ সংগ্ৰহৰ ‘টাৰ্গেট’ বান্ধি দিছিল বিভাগটোৱে। যাৰ ফলত ২০২১-২২ বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহৰ অভিলেখ গঢ়ি ১০১৯ কোটি টকা সংগ্ৰহ কৰে বিভাগটােৱে

উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰা স্থিত অসম প্রশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত পৰিবহণ বিষয়াসকলৰ সৈতে মন্ত্রী পাটোৱাৰীয়ে মত বিনিময় অনুষ্ঠানৰ আয়ােজন কৰা হয়।

এই অনুষ্ঠানত ভাষণ প্ৰসংগতি বিভাগীয় মন্ত্ৰী চন্দ্ৰমােহন পাটােৱাৰীয়ে কয় যে আগৰ বিত্তীয় বৰ্ষৰ তুলনাত এইবাৰ ৩৮ শতাংশ ৰাজহ সংগ্ৰহ বৃদ্ধি হৈছে।

এই অনুষ্ঠানতে সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰা গোৱালপাৰা জিলাৰ পৰিবহণ বিষয়াক বঁটা প্ৰদান কৰা হয়।

1 6
অপাৰেচন চাৰখাৰ! প্ৰথমবাৰৰ বাবে পৰিবহণ বিভাগৰ ৰাজহ সংগ্রহ এহেজাৰ কোটিৰ অতিক্ৰম 6

মন্ত্রী পাটোৱাৰীয়ে কামৰূপ জিলা পৰিবহণ বিষয়াৰ এনফ’চমেণ্ট এলেকাত আৰু যোৰহাট জিলা পৰিবহণ বিষয়াৰ এলেকাতো এশ শতাংশ ৰাজহ সংগ্ৰহ কৰা বুলি মত বিনিময় অনুষ্ঠানত উল্লেখ কৰে।

মন্ত্ৰী পাটোৱাৰীয়ে লক্ষ্য বান্ধি দিয়া মতে, ৰাজহ সংগ্ৰহত সফল হোৱা ২০ খন জিলাক প্রমাণ-পত্র প্রদান কৰে।

3 1
অপাৰেচন চাৰখাৰ! প্ৰথমবাৰৰ বাবে পৰিবহণ বিভাগৰ ৰাজহ সংগ্রহ এহেজাৰ কোটিৰ অতিক্ৰম 7

তেওঁ জিলা পৰিবহণ কাৰ্যালয়ক সু-শাসনেৰে পৰিচালিত কৰিবলৈ আহ্বান জনায়।

অনলাইন ব্যৱস্থাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা লোৱাৰ ফলত ৰাজহ সংগ্রহ বৃদ্ধি হোৱা বুলিও মন্ত্ৰীগৰাকীৰ প্ৰকাশ কৰে।

লগতে চাওকঃ

চৰকাৰী বিষয়াৰ ভাও লৈ চোৰে চুৰি কৰিলে ৫৫০ টন ওজনৰ লােহাৰ দলং

G1 9
অপাৰেচন চাৰখাৰ! প্ৰথমবাৰৰ বাবে পৰিবহণ বিভাগৰ ৰাজহ সংগ্রহ এহেজাৰ কোটিৰ অতিক্ৰম 8

Leave a Comment