অসমীয়াগুৱাহাটী

গুৱাহাটীত ভাড়াতীয়াৰ আক্ৰমণত ঘৰৰ মালিকৰ মৃত্যু, পত্নীক যৌন আতিশায্য চলোৱাৰ অভিযোগ

নিউজ ডেস্কঃ গুৱাহাটীৰ কৃষ্ণনগৰত ভাড়াতীয়াৰ আক্ৰমণ প্ৰাণ গ’ল ঘৰৰ মালিকৰ।

শুকুৰবাৰে সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, কৃষ্ণনগৰৰ বিক্ৰমপুৰত ধৰণী ডেকা নামৰ এজন ভাড়াতীয়াই ঘৰৰ মালিক হেমধৰ বৰুৱাক দা-ৰে আক্ৰমণ কৰে।

photo1653044740

এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হেমধৰ বৰুৱাক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

অভিযোগ অনুসৰি, ভাড়াতীয়াৰ পত্নীক ঘৰৰ মালিকে যৌন আতিশায্য চলোৱাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰে ধৰণী ডেকাই।

photo1653044760

ইফালে মালিকক আক্ৰমণ কৰাৰ পিছতে দিছপুৰ থানাত আত্মসমৰ্পণ কৰে ধৰণী ডেকাই। আৰক্ষীৰ আগত ডেকাই দিয়া স্বীকাৰোক্তি অনুসৰি মৃত হেমধৰ বৰুৱাই ধৰণী ডেকাৰ পত্নীক দীৰ্ঘদিন ধৰি অশ্লীল ইংগিত দি আহিছিল।

যাৰ বাবে ৭৫ বছৰীয়া হেমধৰ বৰুৱাক দা-ৰে আক্ৰমণ কৰি হত্যা কৰে ভাড়াতীয়াজনে।

লগতে চাওকঃ

উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা, মধ্যভােগী কৰ্মচাৰী

विजिलेंस

Leave a Reply

Your email address will not be published. Required fields are marked *