অসমীয়াঅসম

শাসকীয় পক্ষক মূল্যবৃদ্ধিৰ কথা সুধিবই নালাগেঃ মূল্যবৃদ্ধিৰ কথা স্বীকাৰ কৰি ক’লে বিধায়ক জয়ন্তমল্ল বৰুৱাই

নিউজ ডেস্কঃ মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক। খাদ্য সামগ্ৰীৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰলৈকে প্ৰতিটো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিত কোঙা হৈ পৰিছে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণী।

মূল্যবৃদ্ধিৰ এনে সময়ছোৱাত চৰকাৰী নেতা-মন্ত্ৰীৰ চালে-বেৰে কোবোৱা কথা প্ৰায়ে চৰ্চালৈ আহি আছে। কোনোবাই যদি মূল্যবৃদ্ধিৰ বাবে জগৰীয়া কৰিছে বান্দৰক, আন কোনো নেতাই আকৌ আলুৰ দাম বঢ়াৰ বাবে পিঁয়াজ ভজা খাবলৈ জনতাক আহ্বান জনাইছে। ইয়াৰ মাজতেই এগৰাকীয়ে আকৌ কৈছে- খোৱাৰ কথা চিন্তা কৰি থাকিলে দাম বাঢ়িবই!

মূল্যবৃদ্ধিক লৈ নেতা-মন্ত্ৰী-বিধায়কৰ এনে অদ্ভূত মন্তব্যৰ মাজতে পিছে বস্তৰ দাম বঢ়াৰ কথা অকপটে স্বীকাৰ কৰিলে নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই।

মূল্যবৃদ্ধিৰ বাবে ৰাইজৰ কষ্ট হৈছে বুলি সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰি বিধায়কজনে ক’লে- শাসকীয় পক্ষক মূল্যবৃদ্ধিৰ কথা আচলতে সুধিবই নালাগে।

চৰকাৰী পক্ষৰ নেতা-মন্ত্ৰী-বিধায়কে দাম বঢ়াক লৈ কিবা এটা কলে মূল্যবৃদ্ধিক মান্যতা দিয়া যেন হয় বুলি মন্তব্য কৰে জয়ন্তমল্ল বৰুৱাই। তেওঁৰ মতে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মিলি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে।

মূল্যবৃদ্ধিৰ কথা সোধাতকৈ চৰকাৰখনত নীৰৱে কাম কৰিবলৈ দিয়াৰ আহ্বান জনায় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *