অসমীয়াঅসম

বোকা ডান্স কৰক, গাখীৰ ডান্স কৰক একো নাই, কেৱল মদৰ ডান্স নকৰিবঃ জুবিন গাৰ্গ

নিউজ ডেস্কঃ এইবাৰ বিহু মঞ্চৰ সাংস্কৃতিক অনুষ্ঠান মানেই বোকা ডান্স। মাজে মাজে ফায়াৰ ডান্সেও লাভ কৰিছে চৰ্চা। মুখ্যমন্ত্ৰীৰ পৰা নেতা-শিল্পীলৈ সকলোৱে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

বিশেষকৈ জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানত বোকা ডান্স, ফায়াৰ ডান্সৰ পয়োভৰ অধিক দেখা গৈছে। বোকা ডান্স কৰি দুই এজনৰ আৰক্ষীৰ লাঠীৰ কোবত পিঠি ৰঙাও পৰিছে।

ইয়াৰ মাজতে বোকা ডান্সক লৈ আকৌ এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে। গৌতম বৰদলৈৰ ‘কাঞ্চনজংঘা’ত উপস্থিত সাংবাদিকৰৰ সৈতে বাৰ্তালাপ কৰি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ গৰাকীয়ে মন্তব্য কৰে বোকা ডান্সক লৈ।

জুবিন গাৰ্গে কয়, ‘বোকা ডান্স কৰক, পানী ডান্স কৰক, গাখীৰ ডান্স কৰক আপত্তি নাই। কেৱল মদৰ ডান্স নকৰিলেই হ’ল।’

এইবছৰৰ বিহুত আৰু ১২ খন সাংস্কৃতিক অনুষ্ঠান আছে বুলি জানিবলৈ দিয়ে জুবিন গাৰ্গে। তাৰ পিছতে তেওঁ কেইবাখনো ছবিৰ কামত ব্যস্ত হৈ পৰিব বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *