গুজৰাট নিৰ্বাচনৰ পূৰ্বে আপৰ বিৰুদ্ধে নিৰ্বাচন আয়োগলৈ পত্ৰ দেশৰ ভিন্ন প্ৰান্তৰ ৫৬ গৰাকী অৱসৰপ্ৰাপ্ত আমোলাৰ, কিন্তু কিয়…

নিউজ ডেস্কঃ সমাগত গুজৰাট বিধানসভা নিৰ্বাচনক লৈ এতিয়া প্ৰস্তুতি তুংগত প্ৰতিটো ৰাজনৈতিক দলৰ। এইবাৰ গুজৰাটত বিজেপিৰ ভেটি খহাবলৈ উঠিপৰি লাগিছে আম আদমী পাৰ্টী। দিল্লীৰ পিছত পঞ্জাৱতো বৃহৎ জয়লাভেৰে শক্তিশালী হৈ থকা কেজৰিৱাল বাহিনী নিঃসন্দেহে গুজৰাটতো বিজেপিৰ বাবে প্ৰধান বিৰোধী হৈ পৰিছে।

কিন্তু নিৰ্বাচনী প্ৰচাৰক লৈ সকলো ব্যস্ত হৈ থকাৰ সময়তে এতিয়া তীব্ৰ অস্বস্তিত পৰিছে আম আদমী পাৰ্টী। দেশৰ বিভিন্ন প্ৰান্তৰ ৫৬ গৰাকী অৱসৰপ্ৰাপ্ত আমোলাই আপৰ বিৰুদ্ধে পত্ৰ লিখিছে নিৰ্বাচন আয়োগে। কেজৰিৱাল আৰু আপৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতীক আদেশৰ ধাৰা উলংঘা কৰাৰ অভিযোগ তুলি আপৰ নিৰ্বাচনী প্ৰতীক বাতিল কৰাৰো দাবী জনাইছে অৱসৰপ্ৰাপ্ত আমোলাসকলে।

দৰাচলতে এই অভিযোগৰ আৰম্ভণি ঘটে নিৰ্বাচনী প্ৰচাৰৰ সময়ত অৰবিন্দ কেজৰিৱালে দিয়া এক ভাষণৰ পিছত। ৩ ছেপ্টেম্বৰত গুজৰাটৰ ৰাজকোটত এখন সংবাদমেলৰ সময়ত আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে এক বিতৰ্কিত বক্তব্য আগবঢ়াইছিল, যাৰ বাবে অৱসৰপ্ৰাপ্ত আমোলাসকল ক্ষুব্ধ হৈ পৰে।

ৰাজকোটত অনুষ্ঠিত সংবাদমেলৰ সময়ত অৰবিন্দ কেজৰিৱালে গুজৰাটৰ অসামৰিক কৰ্মচাৰীসকলক জোৰ দি কয় যে আগন্তুক কেইমাহমানত তেওঁৰ দলে ৰাজ্যিক নিৰ্বাচনত জয়ী হ’বলৈ গৈ আছে, গতিকে তেওঁলোকে আপৰ হৈ কাম কৰিব লাগে।

অৱসৰপ্ৰাপ্ত বিষয়াসকলে পত্ৰখনত উল্লেখ কৰিছে যে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে গুজৰাট বিধানসভা নিৰ্বাচনত আপক সহায় কৰিবলৈ আৰক্ষী, গৃহৰক্ষী, অংগনবাড়ী কৰ্মী, ৰাজ্যিক পৰিবহণ চালক-কণ্ডাক্টৰ আৰু ভোটকেন্দ্ৰৰ বিষয়াকে ধৰি জনসেৱকক আহ্বান জনাই আইন উলংঘা কৰা হৈছে।

৫৬ জন অৱসৰপ্ৰাপ্ত আমোলাই নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা পত্ৰত কয় যে চৰকাৰী কৰ্মচাৰীক ৰাজনীতিকৰণৰ বাবে আপৰ জোৰ-জবৰদস্তি প্ৰচেষ্টাক কোনোপধ্যেই মানি ল’ব নোৱাৰি। পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে ভোটগ্ৰহণ বুথৰ কৰ্মীসকলক পোনপটীয়াকৈ সম্বোধন কৰি কেজৰিৱালে এটা ৰাজনৈতিক দলৰ সপক্ষে কাম কৰিবলৈ আহ্বান জনায়। যাৰ জৰিয়তে আপে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে।

গতিকে আপৰ নিৰ্বাচনী প্ৰতীক চিহ্ন বাতিল কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনায় দেশৰ বিভিন্ন প্ৰান্তৰ ৫৬ গৰাকী অৱসৰপ্ৰাপ্ত আমোলাই।