কেই চেকেণ্ডমানৰ ভিতৰতে দুটাকৈ দুৰ্ঘটনাত পতিত বাইক আৰোহী! হেলমেটৰ বাবেই ৰক্ষা পৰিল প্ৰাণ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ সমগ্ৰ দেশত প্ৰতিদিনে পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱায় শতাধিক জনে। কাৰোবাৰ যদি মৃত্যু ঘটে অধিক দ্ৰুতবেগত গাড়ী চলোৱাৰ বাবে, আন কাৰোবাৰ সৰু দুৰ্ঘটনাতেই হেলমেট পৰিধান নকৰাৰ ফলত প্ৰাণ যায়।

দুৰ্ঘটনাৰ এনে অভাৱনীয় হাৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে দুচকীয়া বাহন চালকক হেলমেট আৰু চাৰিচকীয়া বাহনৰ যাত্ৰীক চিট বেল্ট পিন্ধিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে। কিন্তু তাৰ পিছতো অনেকেই অমান্য কৰি আহিছে প্ৰশাসনৰ নিৰ্দেশ।

শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’। ১৬ ছেকেণ্ডৰ এই ভিডিঅ’টো চালেই আপুনি অনুভৱ কৰিবলৈ সক্ষম হ’ব হেলমেট পিন্ধাৰ প্ৰয়োজনীয়তাৰ কথা। ভিডিঅ’টো শ্বেয়াৰ কৰি দিল্লী আৰক্ষীয়ে লিখিছে- “হেলমেট পিন্ধাসকলক ভগৱানে সুৰক্ষা দিয়ে।”

দিল্লী আৰক্ষীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টো দৰাচলতে চিচি টিভি কেমেৰাত বন্দী হোৱা এটা পথ দুৰ্ঘটনাৰ ভিডিঅ’। য’ত এখন চাৰিচকীয়া বাহনে পথৰ কাষৰ পৰা হঠাৎ চলিবলৈ লোৱাত পিছফালৰ পৰা আহি থকা এজন বাইক আৰোহীয়ে প্ৰচণ্ড জোৰে বাহনখনত খুন্দা মাৰে।

চাৰিচকীয়া বাহনখনত খুন্দা মৰাৰ পিছতে বাইকখনে পোনে পোনে গৈ এটা ষ্ট্ৰীট লাইটৰ পোষ্টত খুন্দা মাৰে। ইফালে বাইক আৰোহীজনেও চিটিকি ষ্ট্ৰীট লাইটটোৰ ঠিক তলত পৰে। ব্যক্তিজনে খপজপ কৰি থিয় হ’বলৈ লওতেই ষ্ট্ৰীট লাইটৰ পোষ্টটো ভাঙি পুনৰ তেওঁৰ মূৰত পৰে।

কিছু ছেকেণ্ডৰ ভিতৰতে সংঘটিত এই দুয়োটা দুৰ্ঘটনাত বাইক আৰোহীজনৰ প্ৰাণ ৰক্ষা পৰে একমাত্ৰ তেওঁ পৰিধান কৰি থকা হেলমেটটোৰ কাৰণে। প্ৰথম দুৰ্ঘটনাত তেওঁৰ প্ৰাণ ৰক্ষা পৰিলেও হেলমেট পৰিধান নকৰা হ’লে ষ্ট্ৰীট লাইটৰ খুঁটাটো মূৰত ভাগি পৰাত তেওঁৰ মৃত্যু বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাটো নিশ্চিত আছিল।

দিল্লী আৰক্ষীয়ে টুইটাৰত শ্বেয়াৰ কৰা এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বিভিন্নজনে ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ভিডিঅ’টোৰ জৰিয়তে হেলমেট পৰিধান কৰাটো কিমান জৰুৰী, সেয়া উপলব্ধি কৰিছে নেট ব্যৱহাৰকাৰীয়ে।