চলিত বৰ্ষত বিদ্যুৎ বিভাগৰ লাভ হৈছে ৩৩ কোটি টকাঃ বিধানসভাত এই তথ্য শক্তি বিভাগৰ

নিউজ ডেস্কঃ জনতাৰ ওপৰত বিদ্যুৎ বিলৰ মাধমাৰ। একেখিনি বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰি পূৰ্বে ৩০০-৪০০ টকাৰ বিদ্যুৎ মাচুল পৰিশোধ কৰা জনতাই হঠাৎ এতিয়া পৰিশোধ কৰিবলগীয়া দুগুণ তিনিগুণ ধন। বিদ্যুৎ বিভাগৰ এনে আজৱ কাণ্ডৰ মাজতে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত বহু কেইটা গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিলে শক্তি বিভাগে।

বছৰ বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ অহা বিদ্যুৎ বিভাগে এইবাৰ ৩৩ কোটি টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি অৱগত কৰে অসম বিধানসভাত।

এপিডিচিএলে জানিবলৈ দিয়া মতে, ৰাজ্যৰ দৈনিক বিদ্যুৎ ব্যৱহাৰ হয় প্ৰায় ২৪০০ মেগাৱাট।

বিদ্যুৎ ব্যৱহাৰৰ তুলনাত অসমত উৎপাদন মাত্ৰ প্ৰায় ৩৫০ মেগাৱাট বুলি উল্লেখ কৰি এপিডিচিএলে কয় যে বাকী ২০০০ মেগাৱাট অন্য ৰাজ্যৰ পৰা ক্ৰয় কৰা হয়।

শক্তি বিভাগে বিধানসভাত জনোৱা মতে, পূৰ্বে ৰাজ্যখনে ২০১৬ চনৰ পৰা ২০১৯ চনলৈ প্ৰতি ইউনিটত ৪.০৫ টকাৰ হাৰত বিদ্যুৎ ক্ৰয় কৰিছিল। অৱশ্যে এতিয়া প্ৰতি ইউনিটৰ মূল্য বৃদ্ধি পাই ৫.১৩ টকা হৈছে।

এপিডিচিএলে বিধানসভাক আৰু জনায় যে শক্তি বিভাগে ৩,৩৯৮.০৪ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। আনহাতে ২০২০ চনত এই পৰিমাণ আছিল ২৯,২৪২.১৯ কোটি টকা।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই বছৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে শক্তি বিভাগ। বিভাগটোৱে বিধানসভাক জনোৱা মতে, চলিত বৰ্ষত এপিডিচিএলৰ লাভ হৈছে ৩৩,৬৩৫.১৯ কোটি টকা।