অসমীয়াৰাষ্ট্ৰীয়

গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামীগৃহ ত্যাগ কৰা শিৱাংগী এতিয়া IAS হ’ল, আনৰ বাবেও হৈ পৰিছে আদৰ্শ

নিউজ ডেস্কঃ বিয়াৰ পিছত স্বামীগৃহত গাৰ্হস্থ্য হিংসাৰ বলি হ’বলগীয়া হৈছিল শিৱাংগী।

শাৰিৰীক আৰু মানসিকভাৱে নিৰ্যাতিত হৈ একপ্ৰকাৰ জীৱনৰ লক্ষ্য হেৰুৱাই পেলাইছিল তেওঁ। কিন্তু পিতৃ-মাতৃ আৰু ৭ বছৰীয়া কন্যাই তেওঁৰ ওপৰত দেখুওৱা বিশ্বাসে অৱশেষত লক্ষ্য প্ৰদান কৰিলে শিৱাংগী গোৱেলক।

photo1654063757

শেহতীয়াকৈ ঘোষিত হোৱা ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰত ১৭৭ সংখ্যক স্থান লাভ কৰি কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় শিৱাংগীয়ে।

উত্তৰ প্ৰদেশৰ হাপুড়ৰ পিলখুৱা নিবাসী শিৱাংগী গোৱেলে বিয়াৰ পূৰ্বে দুবাৰ ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

তাৰ পিছতে বিবাহ পাশত আৱদ্ধ হয় শিৱাংগী।

photo1654063717

কিন্তু বিয়াৰ পিছতে স্বামীগৃহত শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ বলি হ’বলগীয়া হয় তেওঁ। যাৰ বাবে একপ্ৰকাৰ তেওঁ লক্ষ্য হেৰুৱায় পেলায়।

photo1654063525

কিন্তু ২০১৯ চনত শিৱাংগীৰ পিতৃ-মাতৃয়ে তেওঁক আৰু তেওঁৰ সন্তানটোক ঘৰলৈ উভতাই অনাৰ পিছতে পৰিয়ালৰ দাবীত পুনৰ আইএএছ হোৱাৰ সপোন দেখি প্ৰস্তুতি চলায়।

প্ৰথম বৰ্ষত তেওঁ ব্যৰ্থ হ’লেও অৱশেষত তেওঁ নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয়। শিৱাংগীয়ে তেওঁৰ এই সফলাতৰ শ্ৰেয় পিতৃ-মাতৃ আৰু সাত বছৰীয়া সন্তানটোক দিব বিচাৰে।

photo1654063488

দিল্লীৰ লেডী শ্ৰীৰাম কমাৰ্চ কলেজৰ পৰা স্নাতক শিক্ষা গ্ৰহণ কৰা শিৱাংগীয়ে সমাজ বিজ্ঞানক বিষয় হিচাপে লৈ একাণপতীয়া সাধনাৰে লক্ষ্য লাভ কৰি আনৰ বাবেও আজি নজিৰ সৃষ্টি কৰিছে।

নিজাকৈয়ে প্ৰস্তুতি চলাই শিৱাংগীয়ে লাভ কৰে সফলতা।

photo1654063466

তেওঁৰ এই কৃতিত্বৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি শিৱাংগীয়ে কয় যে যিসকল মহিলাই গাৰ্হস্থ্য হিংসাৰ বলি হৈ আহিছে, তেওঁলোকে ভাগি পৰাৰ কোনো প্ৰয়োজন নাই।

অলপ প্ৰচেষ্টা আৰু সাধনাৰে তেওঁলোকেও লক্ষ্য প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে শিৱাংগীয়ে।

শিৱাংগী গোৱেলৰ এই সাফল্যত আনন্দিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ আৰু সাত বছৰীয়া কন্যা সন্তানটিও।

Leave a Reply

Your email address will not be published. Required fields are marked *