অসমীয়াঅসম

গাড়ীৰ সন্মুখত হঠাৎ উপস্থিত হোৱা হাতী পোৱালিক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত বাহন, কথমপি প্ৰাণৰক্ষা চালকৰ…

নিউজ ডেস্কঃ হঠাৎ সন্মুখত উপস্থিত হোৱা হাতীৰ পোৱালিক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত এখন বাহন।

বৃহস্পতিবাৰে মুৰফুলনীৰ নামবৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজত সংঘটিত হয় এই ঘটনা।

গাড়ীৰ সন্মুখত উপস্থিত হোৱা পোৱালি হোৱা তিনিটা হাতীক বচাবলৈ চেষ্টা কৰিয়েই বাহনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় চালকে।

image 41

যাৰ ফলত পথৰ দাঁতিৰ নলাত সোমাই পৰে বাহনখন।

ইফালে দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে চালকজনৰ।

image 42

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গোলাঘাটৰ পৰা বগীজান অভিমুখে গৈ আছিল এএছ ০৩এজি ৮৫১৮ নম্বৰৰ বাহনখন।