দুঃখবৰ! জনপ্ৰিয় অভিনেতা মনোজ বাজপেয়ীৰ মাতৃৰ দেহাৱসান

নিউজ ডেস্কঃ বলিউডৰ অভিনেতা মনোজ বাজপেয়ীৰ মাতৃ গীতা বাজপেয়ীৰ দেহাৱসান।

দিল্লীৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীৰ মাতৃয়ে।

জানিব পৰা মতে, শাৰীৰিক অসুস্থতাৰ বাবে গীতা বাজপেয়ী বিগত কিছুদিন ধৰি দিল্লীৰ মেক্স ছুপাৰ স্পেচিয়েলিটী হাস্পতালত চিকিৎসাধীন হৈ আছিল।

হাস্পতালতেই পুৱা ৮.৩০ বজাত ৭৯ বছৰ বয়সত প্ৰাণ ত্যাগ কৰে গীতা বাজপেয়ীয়ে।

উল্লেখ্য যে, যোৱা বছৰ মৃত্যু ঘটিছিল মনোজ বাজপেয়ীৰ পিতৃ আৰ কে বাজপেয়ীৰো।

অভিনেতা মনোজ বাজপেয়ীয়ে তেওঁৰ জীৱনৰ সফলতাৰ বাবে প্ৰায়ে পিতৃ-মাতৃৰ নাম লোৱা দেখা যায়।