অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! বিদ্যালয় ছুটীৰ পিছত অটোৰে ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী ট্ৰাকে নিলে মহটিয়াই, ৫ শিশুৰ মৃত্যু

নিউজ ডেস্কঃ বিদ্যালয় ছুটীৰ পিছত অটোৰে ঘৰলৈ আহি থকাৰ সময়ত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱালে ৫টা কণমানি শিশুৱে।

এই হৃদয়বিদাৰক দুৰ্ঘটনা বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় ছত্তীশগড়ৰ কাংকেৰৰ ভানুপ্ৰতাৰৰ কোৰেৰৰ সমীপত।

ছাত্ৰ-ছাত্ৰী কেইগৰাকী আহি থকা অটোখনত বিপৰীত দিশৰ পৰা অহা ট্ৰাকে খুন্দা মৰাত দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় ৫টা শিশুৱে।

ইফালে এই দুৰ্ঘটনাত আন ৭টা শিশু গুৰুতৰভাৱে আহত হৈছে।

image 39

জানিব পৰা মতে, বিদ্যালয় ছুটীৰ পিছত বিয়লি প্ৰায় ৩ বজাত ১২টা শিশুৱে সদায়ৰ দৰে অটোৰে ঘৰলৈ উভতিছিল।

ট্ৰাকৰ খুন্দাত বহু দূৰৈত চিটিকি পৰে অটোখন।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত শিশু কেইটাক প্ৰাথমিক চিকিৎসাৰ বাবে ধনলীকানহাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

তাৰ পৰা শিশু কেইটাক উন্নত চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।