ৰাষ্ট্ৰীয়

কৰ’ণাত আক্ৰান্ত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ, চিকিৎসাৰ বাবে ICU ভৰ্তি…

কৰ’ণাত আক্ৰান্ত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ।

মঙলবাৰে ৯২ বছৰীয়া গায়িকাগৰাকী আক্ৰান্ত হৈছিল ক’ভিডত।

ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক মুম্বাইৰ এখন ব্যক্তিগত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে তেওঁ বৰ্তমান আই চি ইউত চিকিৎসাধীন।

শিল্পীগৰাকীৰ দেহত কৰ’নাৰ মৃদু উপসৰ্গ দেখা দিছে।

তেওঁৰ বয়সলৈকে চাই শিল্পীগৰাকীক আইচিইউত ভৰ্তি কৰা বুলি অনুমান কৰা হৈছে।

চিকিৎসকসকলে খুব সুক্ষ্মভাৱে বৰ্ষীয়ান শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা পৰ্যবেক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে।  

কিংবন্তি শিল্পী লতা মংগেশকাৰৰ ১৯২৯চনৰ ২৮ ছেপ্টেম্বৰত মধ্য প্ৰদেশৰ ইন্দোৰৰ এটি সংগীত পৰিয়ালত জন্ম হয়।

দেশৰ কোটি কোটি অনুৰাগীয়ে কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।  

Leave a Reply

Your email address will not be published. Required fields are marked *