অসমীয়াঅসম

দুৰ্নীতিগ্ৰস্ত আইপিএছ বিষয়া ৰৌনক আলী হাজৰিকাৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ জামিন বিচাৰি পুনৰ আদালতত মুখ খেকেচা খাবলগীয়া হ’ল দুৰ্নীতিগ্ৰস্ত আইপিএছ বিষয়া ৰৌনক আলী হাজৰিকা।

আয়তকৈ অত্যাধিক সম্পত্তি থকাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ নীৰিক্ষণ কোষে গ্ৰেপ্তাৰ কৰা আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌনক আলী হাজৰিকাৰ জামিন আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।

image 141

উল্লেখ্য যে, বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে ৰৌনক আলী হাজৰিকা।

ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনৰ জামিন আবেদন।

উল্লেখ্য যে, ২০২১ৰ অক্টোবৰত আয়তকৈ অধিক সম্পত্তি থকাৰ অভিযোগত আৰু অনুমতিবিহীনভাৱে কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে গ্ৰেপ্তাৰ কৰিছিল ৰৌনক আলী হাজৰিকাক।

Leave a Reply

Your email address will not be published. Required fields are marked *