এতিয়াৰে পৰা ৪০ কিলোমিটাৰতকৈ অধিক বেগত চলাব নোৱাৰিব স্কুল বাছঃ গৌতম দাস

নিউজ ডেস্কঃ এতিয়াৰে পৰা প্ৰতিঘণ্টাত সৰ্বাধিক ৪০ কিলোমিটাৰতকৈ অধিক গতিবেগত চলাব নোৱাৰিব স্কুল বাছ। এই কথা সদৰী কৰিছে কামৰূপ মহানগৰ জিলা সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে।

সাংবাদিকৰে বাৰ্তালাপ কৰি পৰিবহন বিভাগৰ নিৰ্দেশ সন্দৰ্ভত সদৰী কৰি গৌতম দাসে কয় যে, স্কুল বাছসমূহ দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সৰ্বাধিক গতিবেগ ৪০ কিলোমিটাৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে।

photo1658826395
এতিয়াৰে পৰা ৪০ কিলোমিটাৰতকৈ অধিক বেগত চলাব নোৱাৰিব স্কুল বাছঃ গৌতম দাস 3

আনহাতে স্কুল বাছত চিচিটিভি কেমেৰা বাধ্যতামূলক কৰা সন্দৰ্ভত পৰিবহন বিভাগে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়েও সদৰী কৰে সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কুল বাছ সমূহৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

photo1658826338
এতিয়াৰে পৰা ৪০ কিলোমিটাৰতকৈ অধিক বেগত চলাব নোৱাৰিব স্কুল বাছঃ গৌতম দাস 4

যাৰ বাবে চিচিটিভি কেমেৰা স্থাপন কৰাটো স্কুল বাছ সমূহত বাধ্যতামূলক কৰা হৈছে। এই চিচিটিভি কেমেৰাসমূহ বিদ্যালয় কৰ্তৃপক্ষই নিৰীক্ষণ কৰিব।

চলিত গ্ৰীষ্ম বন্ধৰ সময়তে পৰিবহণ বিভাগে জাৰি কৰি নীতি প্ৰযোজ্য কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে বুলিও জানিবলৈ দিয়ে পৰিবহণ বিষয়াগৰাকীয়ে।

তদুপৰি স্কুলবাছ সমূহত জৰুৰীকালীন চিকিৎসা কীট আৰু অন্যান্য সা-সুবিধাসমূহ উপলব্ধ কৰাবলৈ বিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশ পালন নকৰা বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে গৌতম দাসে।