অসমীয়াৰাষ্ট্ৰীয়

কোভিড ভেকচিন ল’বলৈ কোনেও বাধ্য কৰাব নোৱাৰেঃ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

নিউজ ডেস্কঃ ‘কোভিড ভেকচিন গ্ৰহণ কৰিবলৈ কোনেও বাধ্য কৰাব নোৱাৰে।’

– এই ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু বি আৰ গাভাইৰ বিচাৰপীঠে এক আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে কাকো টিকাকৰণ কৰিবলৈ বাধ্য কৰিব নোৱাৰি।

অৱশ্যে চৰকাৰে সংক্ৰমণৰ স্বাৰ্থত কিছু প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে বুলিও মন্তব্য কৰে ন্যায়ালয়ে।

SC vaccine

শীৰ্ষ ন্যায়ালয়ে কয় যে কিছুমান ৰাজ্য চৰকাৰে টিকাকৰণ নকৰা লোকসকলক ৰাজহুৱা স্থানলৈ প্ৰৱেশ সীমিত কৰাৰ ক্ষেত্ৰত আৰোপ কৰা চৰ্তটো স্বেচ্ছাচাৰী আৰু বৰ্তমানৰ পৰিস্থিতিত ইয়াক পুনৰ বিচাৰ কৰা উচিত।

বিচাৰপীঠে প্ৰদান কৰা ৰায়ত কয়, ”যেতিয়ালৈকে কোভিডৰ সংখ্যা কম হয়, ৰাজহুৱা এলেকাত প্ৰৱেশ কৰাৰ পৰা ব্যক্তিসকলৰ ওপৰত কোনো প্ৰতিবন্ধকতা আৰোপ কৰিব নালাগে আৰু যদি এনে ধৰণৰ নিষেধাজ্ঞা আছে তেন্তে সেইবোৰ পুনৰ বিচাৰ কৰিব লাগে।”

ন্যায়ালয়ে উল্লেখ কৰে যে কেন্দ্ৰৰ বৰ্তমানৰ কোভিড-১৯ ভেকছিন নীতি স্পষ্টভাৱে স্বেচ্ছাচাৰী আৰু অযৌক্তিক বুলি ক’ব নোৱাৰি।

উল্লেখ্য যে, ভাৰতৰ লগতে সমগ্ৰ বিশ্বত পুনৰ এবাৰ কোভিড সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে কেইবাখনো ৰাজ্যৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। বিশেষকৈ কোভিড ভেকচিন গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে চৰকাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

horoscope

Leave a Reply

Your email address will not be published. Required fields are marked *