জিগনেশ মেৱানীৰ গোচৰত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ, বৰপেটা সত্ৰ আদালতৰ কেইবাটাও পৰ্যবেক্ষণত স্থগিতাদেশ জাৰি

গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী গোচৰত বৰপেটাৰ সত্ৰ ন্যায়াধীশ দিয়া ৰায়দানত হস্তক্ষেপ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

অসম চৰকাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি বৰপেটা সত্ৰ ন্যায়াধীশৰ পৰ্যবেক্ষণত স্থগিতাদেশ জাৰি কৰে ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বড়োয়ে এই নিৰ্দেশ প্ৰদান কৰিছে। পৰৱৰ্তী ৰায়দান পৰ্যন্ত পূৰ্বৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গৰাকীয়ে।

উল্লেথ্য যে, গুজৰাটৰ বিধায়ক জিগেনেশ মেৱানীৰ গ্ৰেপ্তাৰ গোচৰত বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে জামিন প্ৰদান কৰিছিল বিধায়কজনক।

তদুপৰি ন্যায়াধীশে অসম আৰক্ষীৰ কাৰ্য আৰু ভুৱা এনকাউণ্টাৰকলৈও চিন্তা ব্যক্ত কৰিছিল। অসম যাতে পুলিচ ৰাজ্য নহয়, তাৰ বাবে কোনো অভিযানৰ সময়ত বডি কেমেৰা বা আৰক্ষীৰ বাহনত কেমেৰা ব্যৱহাৰ কৰি অভিযানৰ দৃশ্য ৰেকৰ্ড কৰিবলৈ পৰামৰ্শ দিছিল ন্যায়ালয়ে।

ইয়াৰ পিছতে সত্ৰ ন্যায়াধীশৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ।

অৱশ্যে বিধায়ক জিগনেশ মেৱানীৰ জামিনৰ ৰায় বাহাল ৰাখে উচ্চ ন্যায়ালয়ে।

ইফালে আজি দিল্লীত এক সংবাদমেল সম্বোধন কৰি অসম আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে গুজৰাটৰ বিধায়ক জিগনেেশ মেৱানী।

এগৰাকী মহিলা আৰক্ষী বিষয়াক সন্মুখ কৰি তেওঁৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰাটো গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰে মেৱানীয়ে।

Leave a Comment