অসম

‘আম আদমী পাৰ্টি’ত যোগদান ৰাইজৰ দল আৰু কংগ্ৰেছৰ কেইবাজনো শীৰ্ষনেতাৰ…

নতুন দিল্লীত আম আদমী পাৰ্টিত যোগদান অসমৰ কেইবাজনো নেতাৰ।

ৰাইজৰ দল’ৰ সদ্য পদত্যাগী নেতা কমল কুমাৰ মেধিৰ নেতৃত্বত AAPত যোগদান কৰে ৰাইজৰ দলৰ কেইবাজনো শীৰ্ষনেতাই।

আজি নতুন দিল্লীত আপৰ মুখ্য কাৰ্যালত আনুষ্ঠানিকভাৱে তেওঁলোকে দলটোত যোগদান কৰে।

Image

কমল কুমাৰ মেধিৰ লগতে আজি নতুন দিল্লীত ‘আপ’ত যোগদান কৰে ‘ৰাইজৰ দল’ৰ কাৰ্যকৰী সভাপতি জিতুল ডেকা, উপ-সভাপতি দিব্যজ্যোতি শৰ্মা, সম্পাদক দীপাংকৰ কলিতা, মুখপাত্ৰ অনুৰূপা ডেকাৰজা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিনয় ডেকাই।

ইফালে সদ্য পদত্যাগী কংগ্ৰেছৰ শক্তিশালী নেতা মনোজ ধানোৱাৰ আৰু দ্বিজেন গগৈৰ আম আদমী পাৰ্টিত যোগদান কৰে বুলি জানিব পৰা গৈছে।

এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে ‘আপ’ৰ কেইবাগৰাকীও শীৰ্ষ নেতা।

জানিব পৰা মতে, সন্ধিয়া ৭ বজাত ‘আপ’ত যোগদান কৰা এইসকল নেতাৰ সৈতে দলটোৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক বৈঠকত মিলিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *