শোকাৱহ! বিস্কুট খাই মৃত্যু ৮ বছৰীয়া কনমাণিৰ, অসুস্থ ৫০ জনৰো অধিক লোক…

পূজাৰ আনন্দৰ মাজতে বোকাজানত শোকাৱহ ঘটনা।

বোকাজান কয়লামাটিত খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত এটি ৮ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ লগতে অসুস্থ হৈ পৰিছে ৫০ জনৰো অধিক লোক।

বোকাজান কয়লামাটিৰ আৰলংপীৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

গাঁওখনৰ এঘৰ মানুহৰ সকামত চাহৰ লগত দিয়া খাষ্টা বিস্কুট খাই অসুস্থ হৈ পৰে গাঁওখনৰ লোকসকল।

বিস্কুট খোৱাৰ পিছতে বিষক্ৰিয়া হৈ পেটবিষ, বমি আৰু ডায়েৰীয়াত ভোগে গাঁওবাসীয়ে।

তাৰ পিছতে এগৰাকী ৮ বছৰীয়া কিশোৰী বিষক্ৰিয়া হৈ মৃত্যু হয়।

ইয়াৰোপৰি গাঁওখনৰ প্ৰায় অৰ্ধ শতাধিক লোক আক্ৰান্ত হৈছে বিষক্ৰিয়াত।

অসুস্থসকলক বোকাজান সামুহিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰি থকা হৈছে যদিও দুজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা নীলিপ পৰিষদীয় সমষ্টিৰ কয়লা মাটি অঞ্চলত এগৰাকী কণমানিৰ মৃত্যুৰ খবৰ কৰিবলৈ অৰ্ধশতাধিক লোক উক্ত ঘৰখনত উপস্থিত হয় আৰু তাতে সকলোৱে চাহৰ লগত বেকাৰীৰ বিস্কুট খায় অসুস্থ হৈ পৰে।

বমি আৰু শৌচ অধিক হোৱাৰ ফলত উক্ত গাঁৱৰে বিদ্যা তেৰাঙৰ ৮ বছৰীয়া কণমানি ছেৰমাহুন তেৰাংপীৰ মৃত্যু হয়।

Leave a Comment