কেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল CDS বিপিন ৰাৱটৰ হেলিকপ্টাৰ…?

৮ ডিচেম্বৰত হঠাতে আহিছিল এটা বেয়া খবৰ।

তামিলনাডুৰ কুন্নুৰ উপত্যকাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল হেলিকপ্টাৰ।

সেই দুৰ্ঘটনাতে মৃত্যু মুখত পৰিছিল পত্নীসহ CDS বিপিন ৰাৱট।

FGFr1-EFVk-AE2-CVw

বেয়া বতৰৰ বাবে সংঘটিত হৈছিল CDS বিপিন ৰাৱটৰ শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। বতৰৰ তাৎক্ষণিক পৰিৱৰ্তনৰ বাবে মেঘৰ মাজত সোমাই পৰিছিল MI-17V5 হেলিকপ্টাৰখন।

তামিলনাডুৰ কুন্নুৰ উপত্যকাত যোৱা বছৰৰ ৮ ডিচেম্বৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তকাৰী দলৰ প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ এই কথা।

ভাৰতৰ সামৰিক বাহিনীৰ তিনিওটা শাখাৰ একাধিক বিশেষজ্ঞকলৈ এই যুটীয়া তদন্ত সমিতি গঠন কৰা হৈছিল।

FGGuo-X-Vk-AYl4wr

প্ৰতিৰক্ষা বিভাগক ইতিমধ্যে ঘটনাৰ তদন্ত সমিতিয়ে দাখিল কৰিছিল এই প্ৰতিবেদন।

তিনি সেনাবাহিনীৰ সন্মিলিত এই তদন্তৰ নেতৃত্বত আছিল চীফ অব এয়াৰ ষ্টাফ, এয়াৰ চীফ মাৰ্শ্বাল ভি. আৰ. চৌধাৰী আৰু এয়াৰ মাৰ্শ্বাল মানৱেন্দ্ৰ সিং।

দেশৰ প্ৰথমগৰাকী CDS বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীসহ মুঠ ১৪গৰাকী যাত্ৰী কঢ়িয়াই নিয়া অত্যাধুনিক MI-17V5 হেলিকপ্টাৰখন সেইদিনা বতৰৰ তাৎক্ষণিক পৰিৱৰ্তনৰ বাবে হঠাৎ মেঘৰ মাজত সোমাই পৰিছিল আৰু হেলিকপ্টাৰখনৰ পাইলটে হেৰুৱাই পেলাইছিল নিয়ন্ত্ৰণ।

FIU1v-BAUc-AARl-SD

অপৰিচিত দুৰ্যোগপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ পৰ্যাপ্ত প্ৰশিক্ষণৰ অভাৱৰ বাবে হেলিকপ্টাৰখনৰ পাইলটে সেইসময়ত সুৰক্ষিত লেন্ডিং কৰাব নোৱাৰিলে।

ফলত মুহূৰ্ততে সংঘটিত হৈছিল এক শোকাৱহ দুৰ্ঘটনা। চূৰ্ণবিচূৰ্ণ হৈ গৈছিল অতি অত্যাধুনিক আৰু সুৰিক্ষত হিচাপে বিবেচিত MI-17V5 হেলিকপ্টাৰখন।

লগতে চাওকঃ

মীৰাবাই চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া) পদত নিযুক্তি মণিপুৰ চৰকাৰৰ…

Leave a Comment