অসম

দুয়োপালি ভেকচিন নোলোৱা লোকৰ বাবে কঠোৰ নিৰ্দেশনা, নাপাব এইসমূহ সুবিধা…

দুয়োপালি ক’ভিড ভেকচিন নোলোৱা লোকৰ বাবে কঠোৰ বাধা নিষেধ জাৰি কৰিছে ৰাজ্য চৰকাৰে।

দুয়োপালি ভেকচিন নোলোৱা লোক যাব নোৱাৰিব ক’লৈকো।

বজাৰ, দোকান, মল, সভা-সমিতি, কাৰ্যালয় ক’তো উপস্থিত থাকিব নোৱাৰিব।

আজিৰে পৰা বলৱৎ হৈছে এই বাধা-নিষেধসমূহ।

ভেকচিনৰ দুয়োপালি নোলোৱা লোকৰ বিৰুদ্ধে হাস্পতালৰ বাহিৰে যিকোনো চৰকাৰী আৰু ৰাজহুৱা স্থানত প্ৰৱেশত বাধা আৰোপ কৰিছে চৰকাৰে।

ইমানেই নহয় হোটেল, মল আদিতো প্ৰৱেশ কৰিব নোৱাৰিব ভেকচিন নোলোৱা লোকে।

কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে এনে লোকক প্ৰৱেশ কৰিবলৈ দিলে জৰিমনা বিহিব।

ভেকচিন নল’লে চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা-খাদ্য নাপাব।

ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰীক অফিচত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

এনে কৰ্মচাৰীসকলক বাধ্যতামূলক বেতনবিহীন ছুটী চৰকাৰৰ।

স্বাস্থ্য-ফ্ৰণ্টলাইন কৰ্মীয়ে বুষ্টাৰ ড’জ ল’বই লাগিব, ভেকচিন নল’লে দৰমহা নাপাব।

স্বাস্থ্য-পৰিয়াল কল্যাণৰ প্ৰধান সচিবে এই নিৰ্দেশনা জাৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *