SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগত আটক কৰা ৩ যুৱকক ক্লীন শ্বীট নগাঁৱৰ আৰক্ষী অধীক্ষকৰ

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা ৩ যুৱকক ক্লীন শ্বীট প্ৰদান নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ।

উল্লেখ্য যে, এছ আই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত নগাঁও আৰক্ষীয়ে প্ৰথমে আটক কৰিছিল নগাঁও জিলাৰ চাংচকিৰ পিণ্টু গোহাঁই নামৰ এজন যুৱকক। তাৰ পিছতে সোমবাৰে নিশা প্ৰাঞ্জল দেউৰী নামৰ আন এজন যুৱকক আটক কৰা হয়।

ইফালে আৰক্ষীয়ে মঙলবাৰে পুৱা অভিযান চলাই মৰিগাঁও জিলাৰ মিকিৰভেটাৰ সোণমণি কোচ নামৰ তৃতীয় জন যুৱকক আটক কৰি নগাঁও সদৰ থানাত সোধাপোছা চলায়।

ইয়াৰ পিছত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে তিনি যুৱকক ক্লীন শ্বীট প্ৰদান কৰি কয় যে যুৱক কেইজনৰ বিৰুদ্ধে কোনো অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়। পিণ্টু, প্ৰাঞ্জল আৰু সোণমণিয়ে কোনো অভিসন্ধিমূলকভাৱে প্ৰশ্নকাকত ভাইৰেল কৰা নাছিল বুলিও স্পষ্ট কৰে আৰক্ষী অধীক্ষক লীনা দলেয়ে।

তেওঁ কয় যে তিনিওজনে গুৱাহাটীত পৰীক্ষা দি ৰে’লযোগে উভতি অহাৰ পিছত হোৱাটছএপযোগে প্ৰশ্নকাকত বন্ধুৰ মাজত শ্বেয়াৰ কৰিছিল।

দৰাচলতে এছ আইৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱা সোণমণি কোচৰ পৰা পৰীক্ষা হলত প্ৰশ্নকাকত উভতাই নলোৱাৰ বাবে প্ৰশ্নকাকত তেওঁৰ লগতে থাকি গৈছিল।

তাৰ পিছত প্ৰাঞ্জল আৰু পিণ্টুৰ সৈতে তেওঁ ৰে’লেৰে ঘৰলৈ উভতি অহাৰ সময়ত দুয়োকে হোৱাটছএপত প্ৰশ্নকাকত প্ৰেৰণ কৰিছিল। আৰু তেনেকৈয়ে ভাইৰেল হৈ পৰে।

কোনো অভিসন্ধিমূলকভাৱে এই কাৰ্য নকৰাৰ পৰিপ্ৰেক্ষিতত আৰু পৰীক্ষাৰ পিছতহে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে তিনিওজনৰ যুৱকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক লীনা দলেয়ে।

Leave a Comment