ৰাষ্ট্ৰীয়

কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক আজীৱন কাৰাদণ্ড…

কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক আজীৱন কাৰাদণ্ড।

দিল্লীৰ এখন বিশেষ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ আদালতে এই শাস্তি প্ৰদান কৰে।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰা গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছতে নিয়াৰ আদালতে নেতা য়াছিন মালিকৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰে।

বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত য়াছিন মালিকৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰা হয়।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই য়াছিন মালিকৰ ফাঁচিৰ দাবী জনাইছিল যদিও নিয়াৰ আদালতে মালিকক ফাঁচি দিয়াৰ পৰিৱৰ্তে আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, পূৰ্বে য়াছিন মালিকে ভাৰতৰ তদন্তকাৰী সংস্থাই বিগত ২৮ বছৰত তেওঁ সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ সৈতে জড়িত থকাৰ প্ৰমান দিব পাৰিলে তেওঁ ৰাজনৈতিক জীৱন ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *