অসম

৩১ মে’ত সামুহিক কৰ্মবিৰতি ঘোষণা ষ্টেচন মাষ্টাৰসকলৰ, দেশজুৰি হাহাকাৰৰ আশংকাত ৰেল বিভাগ

দেশৰ সকলো ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টাৰসকলে ৩১ মে’ দিনটোত সামুহিক কৰ্মবিৰতি ঘোষণা কৰিছে। কেইবাটাও দাবী পুৰণ নকৰাৰ অভিযোগত ঘোষণা কৰা এই কৰ্মবিৰতি বাতিল হোৱাৰো সম্ভাৱনা আছে , অৱশ্যে ইয়াৰ বাবে ৰেল বিভাগে তেওঁলোকৰ সমূহ চৰ্ত মানি লব লাগিব।

একেদিনাই, দেশৰ 35,000 ষ্টেচন মাষ্টাৰে কামৰ পৰা সাময়িক লোৱা কথাটোৱে ৰেল বিভাগটোক জোকাৰি গৈছে। মঙলবাৰে তেওঁলোকে এই ঘোষণা কৰিছে। এই ঘোষণাত ৰেল কৰ্তৃপক্ষই যথেষ্ট সমস্যাত পৰাৰ সম্ভাৱনা আছে ।

তেওঁলোকে আশংকা কৰিছে যে যদি কোনো ষ্টেচন মাষ্টাৰ নাথাকে, সমগ্ৰ দেশৰ সকলো ষ্টেচনত ৰেল চলাচলৰ স্বাভাৱিক প্ৰক্ৰিয়াটোত বেমেজালিৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো ৰেলখনৰ সংকেত নিয়ন্ত্ৰণ কৰাৰ পৰা ষ্টেচনৰ সকলো ধৰণৰ তত্বাৱধানলৈকে, সকলোবোৰ এই ষ্টেচন মাষ্টাৰসকলৰ দায়িত্বতে থাকে।

ষ্টেচন মাষ্টাৰসকলৰ সংগঠন অল ইণ্ডিয়া ষ্টেচন মাষ্টাৰ্ছ এছ’চিয়েশ্যনে ৩১ মে’ত সাতটা দফাৰ দাবীৰে ধৰ্মঘট ঘোষণা কৰিছে। অৱশ্যে, সংগঠনটোৱে কয় যে যদি ভাৰতীয় ৰে’লৱেই তেওঁলোকৰ দাবী মানি লয় তেন্তে তেওঁলোকে এই ধৰ্মঘট প্ৰত্যাহাৰ কৰিব ।

সাতোটা দফাৰ দাবীৰ ভিতৰত আছে ৰে’লৱেৰ ব্যক্তিগতকৰণ বন্ধ কৰাৰ চৰ্ত, ৰে’ল কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন আঁচনি বাহাল ৰখা, ৰে’লৱেৰ সকলো খালী পদত সঠিক নিযুক্তিৰ দৰে দাবীও।

ইয়াৰ উপৰিও ষ্টেচন মাষ্টাৰসকলে নিশাৰ কামৰ বাবে অতিৰিক্ত ভাট্টাও দাবী কৰে।

ৰে’ল কৰ্তৃপক্ষৰ মতে, তেওঁলোকে ষ্টেচন মাষ্টাৰৰ কিছুমান দাবী মানি ল’বলৈ চেষ্টা কৰি আছে যাতে ৩১ মে’ত দেশত ৰে’ল চলাচলত কোনো সমস্যাৰ সৃষ্টি নহয়।

অৱশ্যে সৰ্বভাৰতীয় সংগঠনটোৱে ধৰ্মঘট প্ৰত্যাহাৰ কৰাৰ বাবে সাতোটা দাবীৰ প্ৰতিটো চৰ্ত পূৰণ কৰাটো বাঞ্চনীয় বুলি স্পষ্ট কৰি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *