অসম

ছিপাঝাৰত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালক ছফিকুল ইছলাম তালুকদাৰক গ্ৰেপ্তাৰ…

ছিপাঝাৰত সংঘটিত কৰা ভয়ংকৰ দুৰ্ঘটনাৰ ট্ৰাক চালক আৰক্ষীৰ জালত।

ট্ৰাক চালক ছফিকুল ইছলাম তালুকদাৰক বাইহাটা চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

image 90

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলয়ন কৰিছিল ট্ৰাক চালক গৰাকীয়ে।

দুৰ্ঘটনা সংঘটিত কৰা এ এছ -১১-বিচি-১৫৫৫ নম্বৰৰ ট্ৰাকখনৰ চালক আছিল ছফিকুল।

ছিপাঝাৰৰ কলেজ চ’কৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷

image 91

উল্লেখ্য যে, ৫ জনকৈ লোকে প্ৰাণ হেৰুওৱা এই শোকাৱহ দুৰ্ঘটনাটোৱে জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য।

দুৰ্ঘটনাটোৰ ফলত তিনি জন কিশোৰৰ লগতে প্ৰাণ হেৰুৱাইছিল দুগৰাকী মহিলাই।

image 86

প্ৰাতঃভ্ৰমণলৈ যোৱা কিশোৰ-মহিলাসহ কেইবাগৰাকীও লোকক মহতিয়াই নিছিল তীব্ৰ বেগী ট্ৰাক খনে৷

image 87

দুৰ্ঘটনাত মৃত্যু মুখত পৰা তিনিগৰাকী ক্ৰমে- ১৬ বছৰীয়া জিন্টুমণি আহমেদ, ইন্দাদুল হক আৰু ৰেকিব আলি।

উল্লেখ্য যে, দুৰ্ঘটনাত মৃত্যু হোৱা ৩ কিশোৰ আছিল মেট্ৰিক পৰীক্ষাৰ্থীৰ। পৰীক্ষাৰ ফলাফল দিয়াৰ প্ৰাক্ ক্ষণত আৰক্ষীত চাকৰিৰ আশাৰে অনুশীলন কৰিবলৈ গৈ মৃত্যুক সাৱটি লৈছিল ৩ কিশোৰে।

image 88

আনহাতে মৃত মহিলা দুগৰাকী হৈছে জয়মতী বৰুৱা, সংগীতা ডেকা শৰ্মা।

image 89

আনহাতে এই দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আন তিনিগৰাকী কিশোৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *