পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়া আত্মহত্যা গোচৰ! পলাতক হৈ থকা পঞ্চমজন অভিযুক্ত আজিজ খানৰ আত্মসমৰ্পণ…

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় জিলাৰ পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়া আত্মহত্যা গোচৰত পলাতক হৈ থকা পঞ্চমজন অভিযুক্ত আজিজ খানৰ আত্মসমৰ্পণ।

শুকুৰবাৰে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে বিগত তিনি মাহে পলাতক হৈ থকা অভিযুক্ত আজিজ খানে।

উল্লেখ্য যে, দোকান ভাড়ালৈ দিয়া কেইজনমান লোকৰ মানসিক আতিশায্যৰ বলি হৈ যোৱা ৭ জুলাইত ডিব্ৰুগড়ৰ নিজ বাসগৃহতে আত্মহত্যা কৰিছিল ৩২ বৰ্ষীয় পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াই।

image 233
পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়া আত্মহত্যা গোচৰ! পলাতক হৈ থকা পঞ্চমজন অভিযুক্ত আজিজ খানৰ আত্মসমৰ্পণ… 4

আত্মহত্যাৰ পূৰ্বে এটা ভিডিঅ’ত যুৱকজনে তেওঁক মানসিক নিৰ্যাতন চলোৱা ৫ জন লোকৰ নাম উল্লেখ কৰিছিল।

ইফালে যুৱকজনৰ আত্মহত্যাৰ পিছত আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল বিনীতৰ পিতৃয়ে।

image 232
পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়া আত্মহত্যা গোচৰ! পলাতক হৈ থকা পঞ্চমজন অভিযুক্ত আজিজ খানৰ আত্মসমৰ্পণ… 5

এই ঘটনাক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে বিনীত বাগাৰিয়াৰ বাসগৃহত উপস্থিত হৈ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমা বিচাৰে।

তদুপৰি ডিব্ৰুগড় আৰক্ষী থানাৰ তেতিয়াৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক তৎকালীনভাৱে নিলম্বন কৰি যুৱকজনৰ মৃত্যুৰ তদন্তৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

image 231
পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়া আত্মহত্যা গোচৰ! পলাতক হৈ থকা পঞ্চমজন অভিযুক্ত আজিজ খানৰ আত্মসমৰ্পণ… 6

তাৰ পিছতে আৰক্ষীয়ে বৈদুল্লাহ খান, নিশান্ত শৰ্মা, ছামছুল্লাহ খান আৰু সঞ্জয় শৰ্মা নামৰ ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰে যদিও পলাতক হৈ আছিল পঞ্চমজন অভিযুক্ত আজিজ খান।

আৰক্ষীয়ে অভিযুক্তজনৰ সন্ধান বিচাৰি অভিযান চলাই থকাৰ সময়তে শুকুৰবাৰে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে অভিযুক্ত আজিজ খানে।