কাইলৈ ঈদ! ক’ত ক’ত দিব পাৰিব কোৰবানী? ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেস্কঃ কাইলৈ ঈদ। মুছলমান ধৰ্মাৱলম্বীৰ এই বিশেষ উৎসৱৰ পূৰ্বে ৰাজ্যজুৰি ঈদৰ কোৰবানীক লৈ অব্যাহত আছে বিতৰ্ক। ঈদৰ কোৰবানীক লৈ ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা আৰু গৰু কোৰবানী নিদিবলৈ সাংসদ বদৰুদ্দিন আজমলে জনোৱা আহ্বানে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল।

কিন্তু অৱশেষত কোৰবানীক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অৱসান ঘটনাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত ইছলাম ধৰ্মী সকলে ক’ত কোৰবানী দিব পাৰিব, সেই বিষয়ে স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

photo1657360791
কাইলৈ ঈদ! ক’ত ক’ত দিব পাৰিব কোৰবানী? ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5

মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰকৃত ধৰ্ম হৈছে ইজনে আনজনক সন্মান কৰা। যদি এটা ধৰ্মৰ কৰ্মই আন এটা ধৰ্মৰ মানুহক আঘাত দিয়ে, তেন্তে যিমান প্ৰাৰ্থনা কৰিলেও তাৰ ফল পোৱা নাযায়। সেয়ে ঈদৰ সময়ত সকলোকে সকলোৰে বিষয়ে চিন্তা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই।

ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা গো সুৰক্ষা আইন পালন কৰি যি অঞ্চলত অন্য ধৰ্মৰ মানুহ আছে, তেন্তে অঞ্চলত গৰু কোৰবানী নিদিয়াকৈ ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই।

photo1657360791 1
কাইলৈ ঈদ! ক’ত ক’ত দিব পাৰিব কোৰবানী? ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6

আনহাতে যিসমূহ অঞ্চলত অন্য ধৰ্মৰ মানুহ নাথাকে, তেনে অঞ্চলত ধৰ্ম-নীতি পালন কৰি কোৰবানী দিব পাৰিব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে।

photo1657360853
কাইলৈ ঈদ! ক’ত ক’ত দিব পাৰিব কোৰবানী? ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 7

তেওঁ বিনম্ৰতাৰে মুছলমান লোকসকলক আহ্বান জনাই কয় যে ৰাইজৰ ওপৰত তেওঁৰ বিশ্বাস আছে। ঈদৰ সময়ত আৰক্ষী বা প্ৰাশাসনে নিৰ্দেশ পালন নকৰা কোনো লোকক খেদি নুফুৰে বা অঞ্চলে অঞ্চলে ঘূৰিও নুফুৰে।

কেৱল আন ধৰ্মৰ লোকে যাতে দুখ নাপায় বা বেজাৰ অনুভৱ নকৰে, তেনেদৰে ঈদ পালন কৰিবলৈ সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে চাওকঃ

মৰ্মান্তিক! জাপানীজ এনকেফেলাইটিছে অকালতে কাঢ়ি নিলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ প্ৰাণ…

295
কাইলৈ ঈদ! ক’ত ক’ত দিব পাৰিব কোৰবানী? ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 8