নিউজ ডেস্কঃ ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যা কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।
তিনি উদণ্ড যুৱকৰ মানসিক-শাৰীৰিক অত্যাচাৰৰ বলি হৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’বলগীয়া হোৱা বিনীত বাগাৰিয়াক ন্যায় প্ৰদানৰ দাবীত ডিব্ৰুগড়ৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা।

উল্লেখ্য যে, বৃহস্পিতবাৰে বিনীতে আত্মহত্যা কৰাৰ পূৰ্বে সামাজিক মাধ্যমত এটা ভিডিঅ’ প্ৰকাশ কৰিছিল। য’ত সঞ্জয় শৰ্মা, বৈদুল্লা খান আৰু নিশান্ত শৰ্মা নামৰ তিনি যুৱকৰ মানসিক-শাৰীৰিক অত্যাচাৰৰ বলি হৈ জীৱনৰ প্ৰতি অতীষ্ঠ হৈ পৰাৰ কথা কৈছিল বিনীতে।
তাৰ পিছতে ডিব্ৰুগড় চহৰৰ শনি মন্দিৰ ৰোডস্থিত নিজৰ আৱাসত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় বিনীত বাগাৰিয়া নামৰ পশুপ্ৰেমী তথা সৰবৰহী চফল যুৱকজনক।

ইফালে বিনীতিৰ এই আত্মহত্যাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনকো জগৰীয়া কৰিছে পিতৃ কৈলাশ বাগাৰিয়াই।
তিনি যুৱকে ঘৰত প্ৰৱেশ কৰি ভয়-ভাবুকি প্ৰদান কৰাৰ বিষয়ে ডিব্ৰুগড় আৰক্ষীক বাৰাম্বাৰ অৱগত কৰাৰ পিছতো আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবেই নিৰাপত্তাহীনতাত ভুগি বিনীতে আত্মহত্যা কৰা বুলি অভিযোগ তোলে পিতৃয়ে।

ইফালে এই সমস্ত ঘটনা সন্দৰ্ভত কৈলাশ বাগাৰিয়াই মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচৰাৰ পিছতে তৎপৰ হৈ পৰে আৰক্ষী। যাৰ পৰিণতিত শুকুৰবাৰে লামডিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পলাতক অৱস্থাত থকা দুই অভিযুক্ত নিশান্ত শৰ্মা আৰু বৈদুল্লা খানক।
অৱশ্যে এতিয়াও পলাতক হৈয়ে আছে অন্যতম অভিযুক্ত সঞ্জয় শৰ্মা।

আনহাতে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিনীতিৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰি বিনীতৰ পিতৃৰ সৈতে মত বিনিময় কৰে।
সেই সময়তে জিলা প্ৰশাসনৰ ব্যৰ্থতাৰ বাবে অসমবাসীৰ ওচৰত হাতযোৰ কৰি ক্ষমা খোজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, অপৰাধীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হৈ সাধাৰণ জনতাৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক বাৰাম্বাৰ নিৰ্দেশ দি অহাৰ পিছতো ডিব্ৰুগড় জিলা প্ৰশাসনে কিদৰে বিনীত বাগাৰিয়াৰ পৰিয়ালৰ অভিযোগত গুৰুত্ব নিদিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তেওঁ এই সন্দৰ্ভত প্ৰশ্ন কৰি বিনীতৰ আত্মহত্যাই তেওঁক লজ্জানত কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
ঘটনাৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।
প্ৰণিধানযোগ্য যে বিনীত বাগাৰিয়া আত্মহত্যা গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বৈদুল্লা খানৰ সৈতে তেওঁৰ পৰিয়ালৰ দীৰ্ঘদিনৰ পৰাই মতভেদ আছিল বুলি জানিব পৰা গৈছে।
কিছুবছৰ পূৰ্বে বিনীতৰ পৰিয়ালে তেওঁলোকৰ আৱাসৰ তলতে এখন দোকান ভাড়ালৈ দিছিল সঞ্জয় শৰ্মা নামৰ যুৱকজনক।
কিন্তু সঞ্জয় শৰ্মাই বাইক মেৰামতিৰ বাবে খোলা দোকানখন হস্তান্তৰ কৰিছিল বৈদুল্লা খানক।
আনহাতে ২০১৭ চনতে সেই দোকানখনৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি যোৱাৰ পিছতো দোকানখন এৰি দিয়া নাছিল বৈদুল্লা, সঞ্জয় আৰু নিশান্তই।
তাৰ পৰিৱৰ্তে দোকানখন এৰাৰ কথা ক’লেই বিনীত বাগাৰিয়া আৰু তেওঁৰ পৰিয়ালক বিভিন্ন প্ৰকাৰে ভয়-ভাবুকি প্ৰদান কৰি আহিছিল।
শেহতীয়াকৈ ৫ জুনৰ নিশা ঘৰত প্ৰৱেশ কৰি বিনীতক শাৰীৰিক ভাৱে প্ৰহাৰো কৰিছিল তিনি অভিযুক্ত যুৱকে। যাৰ পিছতে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয় পশুপ্ৰেমী বিনীত বাগাৰীয়াই।
লগতে চাওকঃ
মৰ্মান্তিক! জাপানীজ এনকেফেলাইটিছে অকালতে কাঢ়ি নিলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ প্ৰাণ…










