কাঁনৰ ৰেড কাৰ্পেটত আনুষ্ঠানিকভাৱে খােজ দিয়া প্ৰথমগৰাকী অসমীয়া কােন? পঢ়ক এই প্ৰতিবেদন…

নিউজ ডেস্কঃ বিশ্বৰ প্ৰাচীনতম আৰু ঐতিহ্যবাহী কাঁন চলচ্ছিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটক লৈ শেহতীয়াকৈ ৰাজ্যত চৰ্চা অব্যাহত আছে। কাঁনৰ সৰ্বাধিক গ্লেমাৰপূৰ্ণ ৰেড কাৰ্পেটৰ মূল ইভেন্টত আনুষ্ঠানিকভৱে পদসঞ্চালৰ কৰাটো ইমান সহজ নহয়। এই সন্দৰ্ভত ইতিমধ্যে বহু ছবি সমালোচক, সাংবাদিকে নিজৰ নিজৰ মত ব্যক্ত কৰিছে।

এই ৰেড কাৰ্পেট চৰ্চাৰ মাজতে অসমৰ আগশাৰীৰ বাতৰি কাকত ‘আমাৰ অসম’ত প্ৰকাশ পাইছে এখন বিশেষ প্ৰতিবেদন। য’ত অভিনেত্ৰী সীমা বিশ্বাসক আনুষ্ঠানিকভাৱে ৰেড কাৰ্পেটত খোজ কঢ়া প্ৰথমগৰাকী অসমীয়া হিচাপে দাবী কৰা হৈছে।

image 98
কাঁনৰ ৰেড কাৰ্পেটত আনুষ্ঠানিকভাৱে খােজ দিয়া প্ৰথমগৰাকী অসমীয়া কােন? পঢ়ক এই প্ৰতিবেদন… 5

অসমৰ পৰা গৈ বলিউড আৰু বিদেশৰ ছবিতো নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী সীমা বিশ্বাসে ৰেড কাৰ্পেটত আনুষ্ঠানিকভাৱে খোজ কাঢ়িছিল ২০১৬ চনৰ কাঁন চলচ্চিত্ৰ মহোৎসৱত। সেই বছৰ ১৮ মে’ত অভিনেত্ৰীগৰাকীয়ে কাঁনৰ ৩০ মিটাৰ ৰানৱেত খোজ কাঢ়ি গৌৰৱ কঢ়িয়াই আনিছিল অসমবাসীলৈ।

ছিংগাপুৰত নিৰ্মাণ কৰা ‘দ্য ইয়েল’ বাৰ্ড’ নামৰ এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ বাবে সীমা বিশ্বাসে লাভ কৰিছিল এই বিশেষ সন্মান। ছিংগাপুৰৰ নিৱাসী প্ৰৱাসী ভাৰতীয় শিৱ কুমাৰ পালাকৃষ্ণনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অসম কন্যা সীমা বিশ্বাসে।

image 96
কাঁনৰ ৰেড কাৰ্পেটত আনুষ্ঠানিকভাৱে খােজ দিয়া প্ৰথমগৰাকী অসমীয়া কােন? পঢ়ক এই প্ৰতিবেদন… 6

ইংৰাজী, মান্দাৰিণ আৰু তামিল ভাষাত মুক্তিলাভ কৰা এই ছবিখনৰ বাবে অভিনেত্ৰী সীমা বিশ্বাস আৰু পৰিচালক শিৱকুমাৰ পালাকৃষ্ণনে সুযোগ লাভ কৰিছিল কাঁনৰ দৰে ঐতিহ্যমণ্ডিত চলচ্ছিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত আনুষ্ঠানিকভাৱে খোজ কঢ়াৰ।

সীমা বিশ্বাসৰ পূৰ্বে বা পিছত আন কোনো অসমীয়াই এই সুযোগ লাভ কৰা নাই বুলিও নিশ্চিত কৰা হৈছে ‘আমাৰ অসম’ত।

image 95
কাঁনৰ ৰেড কাৰ্পেটত আনুষ্ঠানিকভাৱে খােজ দিয়া প্ৰথমগৰাকী অসমীয়া কােন? পঢ়ক এই প্ৰতিবেদন… 7

এই সন্দৰ্ভত সীমা বিশ্বাসৰ সৈতে বাতৰি কাকতখনে যোগাযোগ কৰাত বৰ্তমান এখন দক্ষিণৰ ছবিৰ হিন্দী ৰিমেকৰ শ্বুটিঙত ব্যস্ত হৈ থকা অভিনেত্ৰীগৰাকীয়ে কয়. ”হয়, মই ২০১৬ চনত ‘এ ইয়েল’ বাৰ্ড’ নামৰ ছবিখনত অভিনয়ৰ সূত্ৰে কাঁন চলচ্চিত্র মহোৎসৱৰ আয়োজকৰ আমন্ত্রণমর্মে গ্লেমাৰপূৰ্ণ ৰেড কার্পেট ইভেণ্টত খোজকঢ়াৰ সুযোগ পাইছিলো। সেয়া আছিল অতি সুন্দৰ অভিজ্ঞতা। মোৰ সৈতে ৰেড কার্পেটত একেলগে পৰিচালক শিৱ কুমাৰ পালাকৃষ্ণণেও খোজকাঢ়িছিল।’’

image 97
কাঁনৰ ৰেড কাৰ্পেটত আনুষ্ঠানিকভাৱে খােজ দিয়া প্ৰথমগৰাকী অসমীয়া কােন? পঢ়ক এই প্ৰতিবেদন… 8

তেওঁ পুনৰ কয়, ”মই ঐতিহ্যপূর্ণ কাঁন চলচ্চিত্র মহোৎসৱৰ ৰেড কার্পেটত খোজকাঢ়িবলৈ পোৱা সেই মর্যাদাৰ সৈতে কাৰো তুলনা কৰিবলৈ কেতিয়াও নিবিচাৰো। তদুপৰি ময়েই প্রথমে অসমীয়া অভিনেত্রী হিচাপে কাঁনৰ ৰেড কাপেটত খোজকাঢ়িছো নে মোৰ আগে-পিছে আন কোনো অসমীয়া অভিনেত্ৰীয়ে কাঁনৰ ৰেড কার্পেটৰ মূল ইভেণ্টত খোজকঢ়াৰ সুযোগ পাইছে সেই বিষয়ে মই নাজানো। আচলতে মই এই বিষয়টোক লৈ কোনো বিতৰ্কৰ অৱতাৰণা হোৱাটো নিবিচাৰো।’’

Leave a Comment