কলেজ গৈ নোপোৱা অসমৰ এইগৰাকী মহিলা আজি দেশৰ আটাইতকৈ ধনাঢ্য মহিলা…

নিউজ ডেস্কঃ কাহানিও কলেজ নেদেখা তেনেই এগৰাকী সাধাৰণ মহিলা আজি পৰিচিত হৈ পৰিছে বিশ্বৰ অন্যতম ধনাঢ্য মহিলাস্বৰূপে।

স্বামীৰ মৃত্যুৰ পিছত কঠোৰ পৰিশ্ৰম আৰু সুনেতৃত্বৰে স্বামীয়ে গঢ় দি থৈ যোৱা কোম্পানীক সফলতাৰ শিখৰত আৰোহণ কৰাবলৈ সক্ষম হৈছে তেওঁ।

তেঁৱেই হৈছে অসম কন্যা সাৱিত্ৰী জিন্দাল। দেশৰ প্ৰয়াত উদ্যোগপতি অ’পি জিন্দালৰ সহধৰ্মিনী তথা অসমৰ তিনিচুকীয়া জিলাৰ কন্যা সাৱিত্ৰী জিন্দাল আজি বিশ্বৰ ধনাঢ্য মহিলাৰ তালিকাৰ ১৬ সংখ্যক স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

সেইদৰে বিশ্বৰ সামগ্ৰিকভাৱে ধনী ব্যক্তিৰ তালিকাত তেওঁৰ স্থান হৈছে ৯১। সাৱিত্ৰী জিন্দাল বৰ্তমান দেশৰ সবাতোকৈ ধনী মহিলা।

photo1658405379
কলেজ গৈ নোপোৱা অসমৰ এইগৰাকী মহিলা আজি দেশৰ আটাইতকৈ ধনাঢ্য মহিলা… 5

২০১৫ চনত স্বামীৰ মৃত্যুৰ পিছত ক্ৰমাম্বয়ে অৱনমিত হৈছিল অ’পি জিন্দাল ষ্টীলৰ সম্পত্তিৰ পৰিমাণ।

স্বামীৰ মৃত্যুৰ পিছত জিন্দাল গ্ৰুপৰ অধ্যক্ষাৰ দায়িত্ব লৈছিল সাৱিত্ৰী জিন্দালে। কিন্তু চাৰি পুত্ৰৰ মাজত সম্পত্তি ভাগ-বতৰা কৰিবলগা হোৱাত ক্ৰমাৎ সম্পত্তিৰ পৰিমাণ হ্ৰাস পাই গৈছিল।

photo1658405410
কলেজ গৈ নোপোৱা অসমৰ এইগৰাকী মহিলা আজি দেশৰ আটাইতকৈ ধনাঢ্য মহিলা… 6

সাবিত্ৰী জিন্দাল মালিকানাধীন অ’পি জিন্দাল ষ্টীলৰ সম্পত্তিৰ পৰিমাণ ২০১৮ চনত ৮.৮ বিলিয়ন মাৰ্কিন ডলাৰ, ২০১৯ চনত ৫.৯ বিলিয়ন আৰু ২০২০ চনত ৪.৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ হ্ৰাস পাইছিল৷ কিন্তু তাৰ পিছতে নিজৰ পাৰদৰ্শিতা আৰু নেতৃত্বৰে দুটা বছৰৰ ভিতৰতে পুনৰ জিন্দাল গ্ৰুপক সফলতাৰ শিখৰলৈ লৈ যাবলৈ সক্ষম হয় সাৱিত্ৰী জিন্দালে।

photo1658405368
কলেজ গৈ নোপোৱা অসমৰ এইগৰাকী মহিলা আজি দেশৰ আটাইতকৈ ধনাঢ্য মহিলা… 7

যোৱা দুটা বছৰত সাৱিত্ৰী জিন্দালে তেওঁৰ কোম্পানীৰ সম্পত্তি ১৭.৭ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰি দেশৰ ভিতৰতে সবাতোকৈ ধনী মহিলা হোৱাৰ কৃতিত্ব অৰ্জন কৰে।

photo1658405321
কলেজ গৈ নোপোৱা অসমৰ এইগৰাকী মহিলা আজি দেশৰ আটাইতকৈ ধনাঢ্য মহিলা… 8

উল্লেখ্য যে, সাৱিত্ৰী জিন্দালে কলেজীয়া শিক্ষা গ্ৰহণ কৰা নাছিল। কিন্তু তাৰ পিছতো কেৱল অভিজ্ঞতা আৰু ঔদ্যোগিক আৰু আৰ্থিক জ্ঞানেৰে নিজৰ কোম্পানীক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হয়। যিয়ে তেওঁক এতিয়া বিশ্বৰ অন্যতম চহকী মহিলা হিচাপেও পৰিচয় কৰাই দিছে।

1 thought on “কলেজ গৈ নোপোৱা অসমৰ এইগৰাকী মহিলা আজি দেশৰ আটাইতকৈ ধনাঢ্য মহিলা…”

Comments are closed.