অংগনবাড়ী কৰ্মীৰ পৰা কমিছন লোৱাৰ ভিডিঅ’ ভাইৰেল, শিশু উন্নয়ন প্ৰকল্প বিষয়া ভাৰতী কলিতাক নিলম্বন…

চৰকাৰ কঠোৰ হলেও ৰাজ্যত অব্যাহত আছে চৰকাৰী বিষয়া কৰ্মচাৰীৰ দুৰ্নীতি।

এইবৰা অংগনবাড়ী কৰ্মীৰ পৰা কমিছন লোৱাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন হ’ব শিশু উন্নয়ন প্ৰকল্প বিষয়া।

বঙাইগাঁও জিলাৰ বইটামাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ভাৰতী কলিতাক নিলম্বন।

একাংশ অংগনবাড়ী কৰ্মীৰ পৰা ভাৰতী কলিতাই ২০-২৫% কমিছন লোৱাৰ অভিযোগ।

ভাৰতী কলিতাই কমিছন লোৱা ভিডিঅ’ ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত।

তাৰ পাছতে সমাজ কল্যাণ বিভাগে নিলম্বন কৰে CDPO ভাৰতী কলিতাক।