নিউজ ডেস্কঃ ভাৰতবৰ্ষৰ বাণিজ্যিক বিমান পৰিবহণৰ ক্ষেত্ৰত নতুনকৈ সংযোজন ঘটিল আন এক বিমান কোম্পানী। ‘আকাশ এয়াৰ’ নামৰ এই নতুন বিমান কোম্পানীটোৱে ৭ আগষ্টত ইয়াৰ প্ৰথমটো বাণিজ্যিক উৰণ আৰম্ভ কৰিব।
শুকুৰবাৰে বিমান পৰিবহণ সংস্থাটোৱে জনোৱা মতে বোয়িং ৭৩৭ মেক্স বিমানৰ জড়িয়তে মুম্বাই-আহমেদাবাদ পথত আৰম্ভ হ’ব প্ৰথম বাণিজ্যিক বিমান পৰিচালনা।
এক বিবৃতি যোগে সংস্থাটোৱে কয় যে ৭ আগষ্টৰ পৰা মুম্বাই-আহমেদাবাদৰ মাজৰ ২৮ খন সাপ্তাহিক বিমানৰ টিকট বিক্ৰী ইতিমধ্যে মুকলি কৰা হৈছে। লগতে ২৮ খনকৈ বিমানৰ চলাচল ১৩ আগষ্টৰ পৰা বাংগালুৰু-কোচিৰ মাজত আৰম্ভ হ’ব।
আকাশ এয়াৰৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য বাণিজ্যিক বিষয়া প্ৰবীণ আয়াৰে কয়, “মুম্বাই আৰু আহমেদাবাদৰ মাজত সম্পূৰ্ণ নতুন বোয়িং ৭৩৭ মেক্স বিমানৰ সৈতে সেৱা আৰম্ভ কৰা হ’ব।’’
তেওঁ লগতে কয়, “আমি আমাৰ নেটৱৰ্ক সম্প্ৰসাৰণ পৰিকল্পনাক সমৰ্থন কৰাৰ বাবে পৰ্যায়ক্ৰমে এক পদক্ষেপ গ্ৰহণ কৰিম। ক্ৰমান্বয়ে অধিক চহৰক সংযোগ কৰিম, কিয়নো আমি আমাৰ প্ৰথম বৰ্ষত প্ৰতি মাহে আমাৰ সংস্থাত দুখন বিমান যোগ দিম।’’
উল্লেখযোগ্য যে আকাশ এয়াৰে ৭ জুলাইত ডিজিচিএৰ পৰা ইয়াৰ বিমান পৰিসেৱাৰ প্ৰমাণপত্ৰ লাভ কৰিছিল।
অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) ২০২১ চনৰ আগষ্টত মেক্স বিমানসমূহক সেউজ সংকেত প্ৰদান কৰাৰ পিছতে আকাশ এয়াৰে যোৱা বছৰৰ ২৬ নৱেম্বৰত বোয়িংৰ সৈতে ৭২ খন মেক্স বিমান ক্ৰয় কৰাৰ চুক্তি স্বাক্ষৰ কৰিছিল।