ক’ভিড-১৯ঃ ৮ মাহ চিকিৎসা, ব্যয় ৮ কোটিতকৈও অধিক টকা! তাৰ পিছতো হেৰুৱালে প্ৰাণ

কোভিড ইতিহাসৰ আটাইতকৈ দীঘলীয়া চিকিৎসা কৰিও মৃত্যুক পৰাজিত কৰিব নোৱাৰিলে মধ্যপ্ৰদেশৰ ৰেৱাৰ এগৰাকী কৃষকে।

প্ৰায় ৮ কোটি টকা ব্যয় কৰি ৮ মাহ চিকিৎসাধীন হৈ থাকিও অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে ৫০ বৰ্ষীয় কৃষক ধৰমজয় সিঙে।

লণ্ডনৰ চিকিৎসকৰ নিৰীক্ষণত থাকি চেন্নাইৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ থকা ধৰমজয় সিঙৰ কোভিড চিকিৎসা কোভিড ইতিহাসৰ আটাইতকৈ দীঘলীয়া চিকিৎসা হিচাপে পৰিগণিত হৈছে।

ইয়াৰ পূৰ্বে মিৰাটৰ কোভিড ৰোগী বিশ্বাস চাইনীৰ চিকিৎসা চলিছিল সুদীৰ্ঘ ১৩১ দিন।

1

উল্লেখ্য যে, ২০২১ৰ ৩০ এপ্ৰিলত ধৰমজয় সিঙৰ কোভিড পৰীক্ষা কৰা হৈছিল। ২ মে’ত এই পৰীক্ষাৰ ৰিজাল্ট আহে আৰু তেওঁৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে।

প্ৰথমে ৰেৱাৰ সঞ্জয় গান্ধী হাস্পতালত কৃষকগৰাকীক ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ১৮মে’ত তেওঁক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰা হয়।

ৰেৱাৰ মৌগঞ্জ অঞ্চলৰ ৰাক্ৰি গাঁৱৰ বাসিন্দা ধৰমজয় সিঙৰ ভাতৃ প্ৰদীপ সিঙে জানিবলৈ দিয়া মতে, এপ’ল’ হাস্পতালত ভৰ্তি কৰাৰ পিছত ধৰমজয় সিঙৰ হাওফাওত সংক্ৰমণ ধৰা পৰে।

অৱশ্যে চিকিৎসালয়ত ভৰ্তি হোৱাৰ ৪ দিন পিছতে তেওঁ কোভিডমুক্ত হয় যদিও হাঁওফাঁওৰ সংক্ৰমণৰ বাবে তেওঁক এচিএমঅ’ যন্ত্ৰৰ জৰিয়তে এক নতুন জীৱন দিয়াৰ চেষ্টা চলায় চিকিৎসকে।

2

পৰিয়ালৰ সদস্যসকলৰ মতে, ধৰমজয় সিঙক সমগ্ৰ দেশ আৰু বিদেশৰ চিকিৎসকৰ উপস্থিতিত চিকিৎসা কৰা হৈছিল। লণ্ডনৰ এগৰাকী বিখ্যাত চিকিৎসক তেওঁক চাবলৈ এপ’ল’ হাস্পতাললৈ আহিছিল।

আন দেশৰ চিকিৎসকসকলৰ সৈতেও অনলাইনত পৰামৰ্শ লোৱা হৈছিল। চিকিৎসকৰ প্ৰচেষ্টাত ক্ৰমাৎ সুস্থ হৈ উঠিছিল ধৰমজয় সিং।

আনহাতে এই সমস্ত চিকিৎসাৰ বাবে পৰিয়ালয়ৰ লোকে খৰছ কৰিবলগা হৈছিল প্ৰায় ৮ কোটি টকা। চিকিৎসকৰ ভিজিটৰ নামত প্ৰতিদিন প্ৰায় ৩ লাখকৈ টকা ব্যয় হৈছিল।

ধৰমজয়ৰ চিকিৎসাৰ খৰছ যোগাৰ কৰিবলৈ পৰায়লৰ পৈতৃত ৫০ একৰ কৃষি মাটি বিক্ৰী কৰিবলগা হৈছিল।

ভাতৃ প্ৰদীপ সিঙে জানিবলৈ দিয়া মতে, এসপ্তাহ পূৰ্বে ধৰমজয়ৰ ৰক্তচাপ হঠাতে হ্ৰাস পায়। চিকিৎসকসকলে তেওঁক আইচিইউত ভৰ্তি কৰে। পিছত তেওঁৰ মস্তিষ্কৰ ৰক্তক্ষৰণৰ বাবে তেওঁক ভেণ্টিলেটৰত ৰাখিব লগা হয়। কিন্তু ভেণ্টিলেটৰটো বিফল হোৱাত ৰোগীক একমো মেচিনত ৰখা হয়।

এই যন্ত্ৰটোৰ পৰা ৰোগীৰ তেজ আঁতৰাই জাৰণ কৰা হয়। তাৰ পিছত তেজ শৰীৰৰ ভিতৰত ঘূৰাই পঠোৱা হয়। এইটো এটা কৃত্ৰিম প্ৰক্ৰিয়া য’ত শৰীৰৰ অক্সিজেন বজাই ৰাখিব পাৰি। এই চিকিৎসা যথেষ্ট ব্যয়বহুল। চিকিৎসা অব্যাহত ৰাখিবলৈ প্ৰতিদিনে ২ লাখ টকাৰ প্ৰয়োজন।

কিন্তু এই এই সমস্ত প্ৰচেষ্টাৰ পিছতো অৱশেষত প্ৰাণ ঘূৰাই নাপালে ধৰমজয় সিঙে। সম্পূৰ্ণ ২৫৪ দিনৰ চিকিৎসা আৰু কোটি কোটি টকা ব্যয়ৰ পিছতো মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ৰেৱাৰ এইগৰাকী কৃষকে।

উল্লেেখ্য যে, ২০২১ চনৰ ২৬ জানুৱাৰীত পিটিএছ গ্ৰাউণ্ডত অনুষ্ঠিত মুখ্য অনুষ্ঠানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ধৰমজয়ক সম্বৰ্ধনা জনায়। ধৰমজয় সিঙে বিন্ধ্যাত ষ্ট্ৰবেৰী আৰু গোলাপ খেতিক বিশেষ স্বীকৃতি প্ৰদান কৰিবলৈ সক্ষম হৈছিল। কোভিড কালত আন আন লোকক সেৱা আগবঢ়াবলৈ গৈয়ে নিজেও কোভিডৰ কবলত পৰিছিল এইগৰাকী কৃষক।

আনহাতে চিকিৎসাধীন হৈ থকা সময়ত তেওঁৰ পৰিয়ালৰ লোকে ব্যয়বহুল চিকিৎসাৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য বিচৰাত শিৱৰাজ সিং চৌহানৰ চৰকাৰে মাত্ৰ ৪ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিয়েই দায়িত্ব সামৰা বুলি মন্তব্য কৰে ধৰমজয় সিঙৰ পৰিয়ালে।

Leave a Comment