ঐতিহাসিক শ্ৰীশ্ৰীমইনবড়ি সত্ৰত সেৱা লৈ অসমবাসীক ভোগালীৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ভোগালীৰ আনন্দ উচাহৰ এই ক্ষণৰ মাজতে সৰোভগস্থিত ঐতিহাসিক শ্ৰীশ্ৰীমইনবড়ি সত্ৰত উপস্থিত হৈ ৰাজ্য তথা দেশবাসীৰ সুখ, সমৃদ্ধি আৰু কুশল-মংগলৰ বাবে গুৰু আসনত সেৱা আগবঢ়ায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সত্ৰৰ পৰাই তেওঁক অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনায়।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই নাৰায়ণ দাস ঠাকুৰ আতাই প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী মইনবড়ি সত্ৰত উপস্থিত হ’বলৈ পাই নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে।

FI9qql-Ca-UAAWd-Nj

আনহাতে সত্ৰখনৰ গুৰু আসনত সেৱা আগবঢ়োৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে মইনবড়ি সত্ৰৰ বিভিন্ন দিশ সম্পৰ্কে এক আলোচনাত অংশ লয়।

সত্ৰখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ সহযোগিতা কৰিব বুলি উল্লেখ কৰি মইনবড়ি সত্ৰৰ পূৰ্বৰ স্থানবোৰতো সত্ৰখন প্ৰতিষ্ঠা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে৷

আনহাতে, বেকী নদীৰ খহনীয়াত ঐতিহাসিক সত্ৰখনৰ বহু ভূমি জাহ যোৱাৰ বিষয়টো গুৰুত্বসহকাৰে লৈ মইনবড়িত আৰু কিছু মাটি সত্ৰৰ নামত লৈ সত্ৰখনৰ পৰিসৰ বৃদ্ধিৰ চিন্তা-চৰ্চা চলি থকা বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Leave a Comment